আৰ্থিক পৰিকল্পনাৰ অন্যতম জনপ্ৰিয় মাধ্যম হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট৷ যিসকলে নিয়মিত সঞ্চয় কৰিব খোজে তেওঁলোকে অলপ অলপকৈ ধন জমা কৰি ভৱিষ্যতে ডাঙৰ অংকৰ অৰ্থ হাতত লাভ কৰিব পাৰে৷ তেওঁলোকৰ বাবে এয়া এক চমৎকাৰ স্কিম৷
পোষ্ট অফিচৰ RD এক সঞ্চয় প্ৰকল্প, য’ত প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ জমা কৰা হয়৷ এই টকাৰ ওপৰত নিৰ্দিষ্ট হাৰত সুদ পোৱা যায় আৰু ম্যাদৰ শেষত সুদসহ সম্পূৰ্ণ অৰ্থ একেবাৰেই উভতাই দিয়া হয়৷ এয়া এক ৫ বছৰীয়া স্কিম, যি স্কিম নিৰাপদ আৰু ভৰষাৰ যোগ্য৷
প্ৰতিমাহে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত ৩০৩০ টকা জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব? বৰ্তমান পোষ্ট অফিচৰ আৰ ডি স্কিমত ৬.৭ শতাংশকৈ সুদ দিয়া হয়৷ কোনোৱে যদি ৬০ মাহৰ বাবে ৩০৩০ টকা প্ৰতিমাহে এই স্কিমত জমা কৰে তেন্তে মেচিউৰিটিত আপুনি পাব মুঠ ২১৬২৩৯ টকা৷ হিচাপ অনুসৰি ৫ বছৰত আপুনি মুঠ বিনিয়োগ কৰিব লাগিব ১,৮১,৮০০ টকা আৰু সুদ হিচাপে আপুনি পাব ৩৪৪৩৯ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ