সুৰক্ষিত বিনিয়োগ আৰু দুৰ্দান্ত ৰিটাৰ্ণৰ দিশৰ পৰা পোষ্ট অফিচৰ স্কিমসমূহ মধ্যবিত্তৰ ওচৰত অতিকৈ জনপ্ৰিয়৷ ছেভিংছ কৰি নিজৰ কষ্টোপাৰ্জিত অৰ্থৰ পৰা ভাল ৰিটাৰ্ণ পাবলৈ পোষ্ট অফিচৰ স্কিমত বিনিয়োগ কৰে বহু সাধাৰণ মানুহে৷ ডাকঘৰত শিশু, মহিলা, যুৱক, প্ৰবীণৰ বাবে একাধিক প্ৰকল্প আছে৷ পোষ্ট অফিচত সুৰক্ষিত বিনিয়োগ আৰু ৰিটাৰ্ণৰ দিশৰ পৰা একাধিক সুবিধা পায় বিনিয়োগকাৰীয়ে৷ পোষ্ট অফিচৰ তেনে এক স্কিম হৈছে টাইম ডিপোজিট স্কিম৷ ইয়াত বিনিয়োগ কৰি কেৱলমাত্ৰ সুদৰ মাধ্যমেৰেই ২ লাখ টকা উপাৰ্জনৰ সুযোগ আছে৷
সুদৰ পৰা উপাৰ্জন
পোষ্ট অফিচ টাইম ডিপোজিট স্কিমত পৃথক পৃথক সময়সীমাৰ বাবে বিনিয়োগৰ মাধ্যমেৰে ভিন্ন ভিন্ন পৰিমাণত সুদ দিয়া হয়৷ এই চৰকাৰী প্ৰকল্পত এবছৰৰ বিনিয়োগত ৬.৯ শতাংশ, ২ বছৰৰ বিনিয়োগত ৭শতাংশ, ৩বছৰৰ বিনিয়োগত ৭.১শতাংশ আৰু ৫ বছৰৰ বিনিয়োগত চৰকাৰৰ তৰফৰ পৰা ৭.৫শতাংশ সুদ দিয়া হয়৷ অৰ্থাৎ বিনিয়োগকাৰীয়ে নিজৰ হিচাপত বিনিয়োগৰ সময়সীমা বাচি ল’ব পাৰে আৰু দুৰ্দান্ত ৰিটাৰ্ণ পায়৷
২লাখ উপাৰ্জনৰ সুযোগ
সুদৰ পৰা আয়ৰ এই স্কিম মধ্যবিত্ত বিনিয়োগকাৰীৰ বাবে খুবেই লোভনীয়৷ ৫ বছৰৰ সময়সীমা বাচি লৈ আপুনি ৫লাখ টকা বিনিয়োগ কৰিব লাগে৷ ৭.৫শতাংশ সুদৰ হিচাপত পাব ২ লাখ ২৪ হাজাৰ ৯৭৮ টকা৷ মেচিওৰিটিৰ পাছত ৫ লাখৰ ঠাইত হাতলৈ আহিব ৭ লাখ ২৪ হাজাৰ ৯৭৮ টকা৷ অৰ্থাৎ সুদৰ মাধ্যমেৰেই লাখ লাখ টকা আয়ৰ সুযোগ আছে এই স্কিমত৷
ধন হেৰুওৱাৰ ভয় নাই
পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিমত ধন হেৰুওৱাৰো ভয় নাই৷ ই সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত৷ ৫ বছৰৰ বিনিয়োগত আপুনি ইনকাম টেক্স এক্ট ১৯৬১ ৰ ছেকচন ৮০ চি অনুসৰি কৰ ৰেহাইয়ো পাব৷ ইয়াত নূন্যচম ১ হাজাৰ টকা বিনিয়োগত একাউণ্ট খোলা যাব৷ সৰ্বোচ্চ বিনিয়োগৰ এমাউণ্টৰ কোনো লিমিট নাই৷ চিংগল কিংবা জয়েণ্ট যিকোনো ধৰণৰ একাউণ্টেই খুলিব পাৰে এই স্কিমত৷ পোষ্ট অফিচ টাইম ডিপোজিট স্কিমত ১০ বছৰতকৈ বেছি বয়সীয়া শিশুৱেও একাউণ্ট খুলিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















