অসম লাইভ ২৪ঃ বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ স্বামী প্ৰিন্স ফিলিপৰ দেহাৱসান। ৯৯ বছৰ বয়সত বাকিংহামৰ ৰাজপ্ৰাসাদত মৃত্যু হয় প্ৰিন্স ফিলিপৰ। হৃদৰোগত আক্ৰান্ত হৈ চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত হাস্পতালত ভৰ্তি হৈছিল প্ৰিন্স ফিলিপ। এমাহযোৰা চিকিৎসাৰ অন্তত সুস্থ হৈ ৰাজপ্ৰাসাদলৈ উভতিছিল যদিও আজি পুৱা প্ৰিন্স ফিলিপৰ মৃত্যুৰ কথা ঘোষণা কৰে ৰাণী এলিজাবেথে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ