লোকসভাত প্ৰথমবাৰ বক্তব্য ৰাখিয়েই বিজেপি আৰু আৰ এছ এছক তীব্ৰ আক্ৰমণ কৰিলে ৱায়নাডৰ সাংসৰ প্ৰিয়ংকা গান্ধীয়ে৷ সংবিধানক লৈ বিতৰ্কত অংশ লৈ নাম নোলোৱাকৈ কটাক্ষ কৰি প্ৰিয়ংকাই কয়, ‘ভাৰতত সংবিধান আছে৷ সংঘৰ বিধান নহয়৷’ প্ৰথম ভাষণতেই উন্নাও, সমভলৰ পৰা আৰম্ভ কৰি মণিপুৰ সকলো বিষয়েই চুই গৈছে প্ৰিয়ংকাই৷ জাতি গণনাৰ দাবীও তুলিছে তেওঁ৷ নাম নোলোৱাকৈ ৰজা বুলি কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো৷
প্ৰিয়ংকা গান্ধীয়ে কৈছে, ‘আমাৰ সংবিধান ন্যায়, আশা, অভিব্যক্তি আৰু আকাংক্ষাৰ সেই জ্যোতি যি প্ৰত্যেক ভাৰতীয়ৰ বুকুৰ ভিতৰত জ্বলিছে৷ এই জ্যোতিয়ে প্ৰত্যেক ভাৰতীয়ক ন্যায় পোৱাৰ, নিজৰ অধিকাৰৰ পক্ষে প্ৰশ্ন কৰাৰ জোৰ দিয়ে৷ এই সংবিধান প্ৰত্যেক দেশবাসীকেও চৰকাৰ নিৰ্মাণ কৰা আৰু চৰকাৰ ভঙাৰ অধিকাৰো দিয়া হৈছে৷ এই জ্যোতিয়ে প্ৰত্যেক ভাৰতীয়ক ভৰসা দিছে যে দেশৰ সম্পত্তি, প্ৰতিষ্ঠানত তেওঁলোকৰ অধিকাৰ আছে৷ দেশ নিৰ্মাণতো তেওঁলোকৰ অবদান আছে৷’
সংবিধান সলাব খুজিছে মোদী চৰকাৰেঃপ্ৰিয়ংকা
ৱায়নাডৰ সাংসদে দাবী কৰিছে যে, লোকসভা নিৰ্বাচনৰ ফল যদি অন্যধৰণৰ হ’লহেতেন তেন্তে ইমানদিনে সংবিধান সলনি হৈ গ’লহেতেন৷ প্ৰিয়ংকাই কয়, ‘আমাৰ সংবিধান ন্যায়, সুৰক্ষা আৰু একতাৰ কবচ৷ মত প্ৰকাশৰ স্বাধীনতাৰ কবচ৷ দুঃখৰ বিষয় এয়াই যে আমাৰ ক্ষমতাহীন দলৰ নেতাসকলে দহ বছৰে এই সুৰক্ষা কবচক ভঙাৰ সকলোধৰণে চেষ্টা কৰিছে৷ সংবিধানত সামাজিক, আৰ্থিক আৰু ৰাজনৈতিক ন্যায়ৰ ভৰসা দিয়া হৈছে৷ সংবিধানত উল্লেখ কৰা এই সুৰক্ষাৰ আশ্বাসেই জনতাৰ কবচ৷ লোকসভাত এইধৰণৰ ফল নহ’লে এইবাৰ সংবিধান সলনিৰ কামো আৰম্ভ দিব৷ আজি এই সংবিধান সংবিধান বুলি চিৎকাৰ কৰাৰ কাৰণ বুজিব পাৰিছে দেশৰ মানুহে৷ সংবিধানক সুৰক্ষিত ৰাখক, সংবিধানক সলনি কৰিবলৈ নিদিব৷’
শেষত প্ৰিয়ংকাই কয়, ‘এই দেশ ভয় নহয় সাহস আৰু সংঘৰ্ষেৰে নিৰ্মাণ হৈছে৷ সংবিধানে সাহস জোগাই৷ দেশৰ কোটি কোটি মানুহ যিসকলে প্ৰতিদিনে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হয় তেওঁলোকক সাহস দিয়ে সংবিধানে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ