অসম লাইভ২৪ঃ পলাই গ’লেই হাৰি নাযাব৷ বিপদে লগ এৰা নাই প্ৰজ্জ্বল ৰেভান্নাৰ৷ প্ৰজ্জ্বলৰ বিৰুদ্ধে উঠা যৌন আতিহায্য গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিছে কৰ্ণাটক আৰক্ষীয়ে৷ এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌৰাৰ নাতি প্ৰজ্জ্বলক হাজিৰ হ’বৰ বাবে নটিছ প্ৰেৰণ কৰিছে তদন্তকাৰী দলে৷ সূত্ৰৰ খবৰ অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত তদন্তকাৰী অফিচাৰৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ কেৱল প্ৰজ্জ্বলেই নহয় নটিছ পঠিওৱা হৈছে প্ৰজ্জ্বলৰ পিতৃ এইচ ডি ৰেভান্নাকো৷
এই গোচৰত প্ৰজ্জ্বলৰ পিতৃও অভিযুক্ত বুলি দাবী কৰিছে তদন্তকাৰী দলে৷ ৰেভান্নাৰ অশ্লীল ভিডিঅ’ ফাঁচ হোৱাৰ পাছতেই উত্তাল হৈ আছে কৰ্ণাটকৰ ৰাজনীতি৷ মঙলবাৰে জনতা দল ছেকুলাৰে দলৰ পৰা বহিষ্কাৰ কৰিছে প্ৰজ্জ্বলক৷ ইয়াৰোপৰি দলৰ তৰফৰ পৰা জনোৱা হৈছে, ‘আমি প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে আৰম্ভ কৰা তদন্তক স্বাগত জনাইছো৷’ মঙলবাৰে তদন্তকাৰী দলটোৱে পিতা-পুত্ৰ দুয়োলৈকে নটিছ প্ৰেৰণ কৰিছে৷ হাজিৰ হোৱাৰ সময়সীমাও বান্ধি দিছে তদন্তকাৰী দলে৷ SIT ৰ পৰা ২৪ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে প্ৰজ্জ্বল আৰু পিতৃক৷
ইফালে ঘটনাক লৈ মহিলা কমিছনেও উদ্বেগ প্ৰকাশ কৰিছে৷ কৰ্ণাটক আৰক্ষীৰ পৰা তিনিদিনৰ ভিতৰত ৰিপৰ্ট বিচাৰিছে মহিলা আয়োগে৷ মহিলা আয়োগৰ প্ৰধান ৰেখা শৰ্মাই কৰ্ণাটক আৰক্ষী ডিজিপি আলোক মোহনক উদ্দেশ্যি লিখা চিঠিত লিখিছে, ‘অনতিপলতে আমাক পদক্ষেপ লাগে৷ দেশত্যাগ কৰিলেও অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগিব৷’
প্ৰথম দফাৰ নিৰ্বাচনৰ সময়তে প্ৰজ্জ্বলৰ প্ৰায় ১০০০ ভিডিঅ’ ভাইৰেল হৈছিল৷ বিষয়টোক লৈ লগে লগেই তদন্তৰ নিৰ্দেশ দিছিল কংগ্ৰেছ শাসিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই৷ শনিবাৰে তেওঁ এক্সত এটা পোষ্ট কৰিছে৷ তাত ছিদ্দাৰামাইয়াই উল্লেখ কৰিছে যে এই ঘটনাৰ বাবে তেওঁলোকে এটা SIT দল গঠন কৰিছে৷ কৰ্ণাটকৰ মহিলা আয়োগো এই ঘটনাক লৈ যথেষ্ট সৰৱ হৈ পৰিছে৷
সংবাদ সংস্থা পিটিআইয়ে উল্লেখ কৰা অনুসৰি প্ৰজ্জ্বলৰ ঘৰৰ ৰান্ধনীয়ে অনা অভিযোগৰ ভিত্তিতেই প্ৰথমে প্ৰজ্জ্বলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ কৰ্ণাটকৰ এজন বিজেপি নেতাই সম্প্ৰতি দাবী কৰিছে যে তেওঁৰ হাততো ৩০০০ অশ্লীল ভিডিঅ’ থকা এটা পেনড্ৰাইভ আছে৷ তাতেই প্ৰজ্জ্বলৰ বিৰুদ্ধে সকলোবোৰ প্ৰমাণ আছে৷ পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰে বাংগালুৰুৰ পৰা জাৰ্মানীৰ ফ্ৰাঙ্কফুৰ্টৰ উদ্দেশ্যে ৰাওনা হৈছে হাছানৰ জেডিএছ প্ৰাৰ্থী প্ৰজ্জ্বলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ