প্ৰটিন আমাৰ শৰীৰৰ ভিত্তি৷ ই পেশী, হাড়, ছাল আৰু মস্তিষ্কক শক্তিশালী কৰে৷ প্ৰাপ্তবয়স্ক মহিলাসকলে প্ৰতিদিনে প্ৰায় ৪৬ গ্ৰাম প্ৰটিন গ্ৰহণ কৰা উচিত আৰু পুৰুষসকলে ৫৬ গ্ৰাম প্ৰটিন গ্ৰহণ কৰা উচিত৷ যদি শৰীৰে কম পৰিমাণে প্ৰটিন পায় তেতিয়া ধীৰে ধীৰে বহু গুৰুতৰ ৰোগে দেখা দিব পাৰে৷
প্ৰটিনৰ ঘাটিৰ লক্ষণ
- প্ৰটিনৰ ঘাটিৰ প্ৰথম লক্ষণ হৈছে ফোলাভাৱ৷ হাত, ভৰি বা পেটত ফোলাভাৱে দেখা দিব পাৰে৷ ইয়াৰ কাৰণ হৈছে প্ৰটিনে তেজত তৰল পদাৰ্থৰ ভাৰসাম্য বজায় ৰাখে৷ যেতিয়া ইয়াৰ ঘাটি হয় তেতিয়া টিছুত পানী জমা হব পাৰে আৰম্ভ শৰীৰ ফুলিবলৈ আৰম্ভ কৰে৷
- প্ৰটিনে কেৱল পেশী তৈয়াৰেই নকৰে মস্তিষ্ককো সুস্থ ৰাখে৷ ইয়াত থকা এমিনো এছিডে মস্তিষ্কৰ কেমিকেলছ তৈয়াৰত সহায় কৰে৷ এইসমূহৰ ঘাটি থাকিলে এজন ব্যক্তি খিংখিঙিয়া, দুখী আৰু বিষন্ন হৈ থাকে৷
- পৰ্যাপ্ত টোপনিৰ পাছতো যদি আপুনি ক্লান্ত বোধ কৰে তেতিয়া ইয়াৰ কাৰণ প্ৰটিনৰ অভাৱ হব পাৰে৷ শৰীৰত শক্তি সৰবৰাহকাৰী হৰমন আৰু এনজাইম তৈয়াৰৰ বাবে প্ৰটিন অপৰিহাৰ্য৷ ইয়াৰ অভাৱত দুৰ্বলতা, অলসতা আৰু মানসিক ক্লান্তি বাঢ়ে৷
- প্ৰটিনত থকা কেৰটিন আৰু কোলাজেনে চুলি, ছাল আৰু নখৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷ যেতিয়া শৰীৰে পৰ্যাপ্ত প্ৰটিন নাপায় তেতিয়া চুলি সৰিবলৈ আৰম্ভ কৰে, নখ ভাঙি যায় ছালো ৰুক্ষ হৈ পৰে৷
- যদি আপোনাৰ সকলো সময়তে ভোক লাগে তেন্তে এয়াও প্ৰটিনৰ অভাৱৰেই লক্ষণ হব পাৰে৷ প্ৰটিনে দীৰ্ঘক্ষণ পেট ভৰাই ৰাখে আৰু অপ্ৰয়োজনীয় আকাঙ্ক্ষা ৰোধ কৰে৷ যদি ইয়াৰ ঘাটি থাকে তেন্তে বাৰে বাৰে খোৱাৰ ইচ্ছা জাগে৷
- মানুহে প্ৰায়েই প্ৰাথমিক লক্ষণসমূহক উপেক্ষা কৰে৷ কিন্তু যদি এই লক্ষণসমূহ সময়মতে বুজা নাযায় তেতিয়া গুৰুতৰ প্ৰটিনৰ ঘাটিয়ে দেখা দিব পাৰে৷
প্ৰটিনৰ ঘাটি দূৰ কৰিবলৈ খাদ্য তালিকাত কি কি খাদ্য ৰখা উচিত?
খাদ্য তালিকাত প্ৰটিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব৷ গাখীৰ, দাইল, কণী, মাছ, ছয়াবিন, পনিৰ আৰু ড্ৰাই ফ্ৰুইট ভাল উৎস৷ যদি লক্ষণসমূহ তীব্ৰ হয় তেন্তে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷
(ডিছক্লাইমাৰঃ ওপৰত উল্লেখিত দাবী কেৱল পৰামৰ্শহে৷ ইয়াক মানি চলাৰ পূৰ্বে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লওক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















