অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে
বহু বিতৰ্কৰ অন্তত , শিল্পী সমাজৰ শীতল প্ৰতিবাদৰ অন্তত অসমৰ খ্যাতনামা শিল্পী দিগন্ত ভাৰতীৰ ওচৰত অৱশেষত ক্ষমা বিচাৰিলে চানামিৰ বিহু কমিটিয়ে। আজি ২৪ এপ্ৰিল তাৰিখে এক সংবাদ মাধ্যম যোগে ক্ষমা বিচাৰে বিহু কমিটি খনে।
যি খন বিহু কমিটিয়ে পূৰ্বে দিগন্ত ভাৰতীৰ ওচৰত কোনো ভুল কৰা নাই, ইয়াক ক্ষমা খোজাৰ কোনো প্ৰশ্নই আহি নপৰে আদি মন্তব্য কৰিছিল, সেই বিহু কমিটিয়ে অৱশেষত ক্ষমা বিচাৰিলে শিল্পী গৰাকীৰ ওচৰত।
উল্লেখ্য যে, বহাগ বিহু বুলি চানমানি বিহু কমিটিয়ে আয়োজন কৰা বিহুৰ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে সংগীত পৰিবেশন কৰিব আহিছিল দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীয়ে। সেই অনুষ্ঠানতে পত্নীৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহিছিল দিগন্ত ভাৰতীয়ো।
দিগন্ত ভাৰতীৰ দৰে এগৰাকী শিল্পীক কাষতে পাই চানামৰি বিহু কমিটিৰ কেইজনমান লোকে জোৰ কৰিবলৈ ধৰে মঞ্চত গৈ দুই শাৰী গীত গাবলৈ। প্ৰথমে দিগন্ত ভাৰতীয়ে বহাৰ পৰাই পত্নীৰ গীতৰ লগতেই কিছু গুণগুণাই। কিন্তু সিমানত শান্ত নহৈ কমিটিৰ লোকে জোৰ কৰি মঞ্চলৈ নিয়ে ভাৰতীক।
পাছে তাতেই লাগিল অথন্তৰ। মঞ্চত উঠিবলৈ বুলি লওতেই কমিটিৰে অন্য এজনে আহি বাধা দিয়ে ভাৰতীক। সঠিক সাজপাৰ নথকা বুলি কৈ মঞ্চৰ চিৰিৰ পৰাই উভতিবলৈ বাধ্য কৰায় দিগন্ত ভাৰতীক।
এই কথাতেই অপমানিত হয় শিল্পীগৰাকী। কাৰণ কমিটিৰ দুজনে জোৰ কৰি মঞ্চলৈ মাতি নিয়াৰ পাছত আন এজে মঞ্চৰ পৰাই উভতাই পঠিয়াই। যি কথাত দিগন্ত ভাৰতীৰ সৈতে থিয় দিয়ে জুবিনৰ লগতে অসমৰ শিল্পী সমাজ। চানমাৰি বিহু কমিটিক ক্ষমা খোজাৰ বাবে দাবী জনায় শিল্পী সমাজে।
কিন্তু আৰম্ভণিতে চানমাৰি বিহু কমিটিৰ লোকে মান্তি নহয় ক্ষমা খোজাৰ বাবে। পাছে অৱশেষত শিল্পী সমাজৰ ওচৰত সেও মানি দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খোজে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ