আফগানিস্তানত নিষিদ্ধ হ’ব পাৰে TIKTOK আৰু PUBG৷ শেহতীয়াকৈ সমগ্ৰ আফগানিস্তানতে এই সংবাদটোৱে তোলপাৰ লগাইছে৷ শাসনাধিস্থ তালিবানে ভিডিঅ’ শ্বেয়াৰিং এপ TIKTOK আৰু অনলাইন মাল্টি-প্লেয়াৰ গেম PUB-G ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আগবাঢ়িছে৷ তালিবান প্ৰশাসনৰ মতে এই দুটা এপে আফগান যুৱকসকলক বিপথগামী কৰিছে৷
ইমানেই নহয়, তালিবানে শীঘ্ৰেই তেওঁলোকে বিভিন্ন অনৈতিক সামগ্ৰী প্ৰচাৰ কৰা টিভি চেনেলসমূহৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিব। ইয়াৰ আগতেও তালিবানে আফগানিস্তানৰ বিভিন্ন স্থানত সংগীত, চলচ্চিত্ৰ আৰু লাইভ অপেৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল৷
এই সন্দৰ্ভত তালিবানৰ মুখপাত্ৰ ইনামুল্লা চামনগনিয়ে কয় যে শেহতীয়া নিষেধাজ্ঞাটো যুৱ প্ৰজন্মক বিপথে পৰিচালিত হোৱাৰ পৰা প্ৰতিহত কৰিবলৈ অতিকৈ প্ৰয়োজনীয় আছিল।
লগতে পঢ়ক গৃহমন্ত্ৰী অমিত শ্বাহৰ মূৰত ফুল ছটিয়ালে মুছলমান মহিলাই, কিন্তু কিয়?
তালিবানে যোৱা বছৰ ক্ষমতা দখল কৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় হেঁচাত পৰি প্ৰশাসনৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত নৰম দৃষ্টিভংগী লোৱাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু দিন যোৱাৰ লগে লগে ক্ৰমশঃ ওলোটা দৃশ্যহে পৰিলক্ষিত হৈছে তালিবান শাসনাস্থিত আফগানিস্তানত৷
অৱশ্যে, এই পৰ্যন্ত TIKTOK আৰু PUBGৰ নিষেধাজ্ঞা কেতিয়াকৈ কাৰ্যকৰী হ’ব সেয়া তালিবানে স্পষ্ট কৰা নাই৷ শেহতীয়া বছৰবোৰত আফগানিস্তানত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ ইয়াৰ মাজত যুৱ চামৰ সংখ্যাই অধিক৷ বৰ্তমান আফগানিস্তানত প্ৰায় ৯ নিযুত লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে৷ দেশৰ ৩৯ নিযুত জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশৰ বয়স ২৫ বছৰ আৰু তাতকৈ কম।
লগতে পঢ়ক ভয়ংকৰ বোমা বিস্ফোৰণ : শিশু-মহিলাসহ ৩৩ গৰাকীৰ মৃত্যু, আহত ৪৩ গৰাকী
ইতিমধ্যে তালিবানে দেশখনত আন বহুতো মনোৰঞ্জনৰ মাধ্যম নিষিদ্ধ কৰিছে৷ এই মাধ্যমসমূহ বন্ধ কৰি দিয়াৰ ফলতে এতিয়া আফগানিস্তানৰ যুৱপ্ৰজন্মই TIKTOK আৰু PUBGত ব্যস্ত থাকিবলৈ ধৰিছে৷
বিশেষভাৱে TIKTOKত চুটি, হাস্যকৰ ভিডিঅ’ ক্লিপ চিত্ৰগ্ৰহণ কৰি সামাজিক মাধ্যমত পোষ্ট কৰিব সুবিধা থকাৰ বাবে ই যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে৷ ইফালে আফগানিস্তানৰ বৃহৎসংখ্যক যুৱ প্ৰজন্মই PUBGৰ প্ৰতিও আকৃষ্ট হোৱা দেখা গৈছে৷ ইয়াৰ পূৰ্বেও আফগানিস্তানত PUBGক নিষিদ্ধ কৰাৰ চেষ্টা কৰা হৈছিল যদিও সফল হোৱা নাছিল৷ এইবাৰ তালিবানে আফগানিস্তানৰ পৰা PUBGক নিষিদ্ধ কৰিব পাৰে নে নাই সেয়া লক্ষণীয় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ