পঞ্জাৱত গুলীবিদ্ধ আপ নেতা, আকালি নেতাৰ সৈতে বাকযুদ্ধ
নেতাৰ মাজত গুলিয়াগুলি। পাঞ্জাৱত ৰাজনৈতিক মহলত উত্তাল পৰিৱেশ। এগৰাকী নেতা গুলিয়াই দিয়ে আন এগৰাকী নেতাই। বৰ্তমানে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি আপ নেতা।
পঞ্জাৱৰ ফাজিলকা জিলাত আম আদমি পাৰ্টিৰ এজন নেতাক গুলীয়াই দিয়ে। এই ঘটনা সংঘটিত কৰে শিৰোমণি আকালি দলৰ নেতা এগৰাকীয়ে। কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত তীব্ৰ তৰ্কযুদ্ধ হৈছিল।
আহত আপ নেতাজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গুলীচালনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দল আৰু শীৰ্ষ বিষয়াসকলে সেই স্থানত উপস্থিত হয়। বিষয়টো তদন্ত অব্যাহত আছে।
আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত জানিব দিয়া অনুসৰি, প্ৰাক্তন সাংসদ জোৰা সিং মানৰ পুত্ৰ বৰ্দেৱ সিং নোনি মান ফাজিলকাৰ বিডিপিঅ’ কাৰ্যালয়লৈ আহিছিল। বিদ্যালয় এখনৰ সৈতে জড়িত ফাইল এটাৰ অনুমোদন দিবলৈ দাবী জনাইছিল যদিও বিডিপিঅ’ই তেওঁলোকৰ অনুৰোধ নাকচ কৰে।
ইয়াৰ বাবেই আকালি নেতাসকলে খং কৰি ওলাই আহে। ওলাই অহাৰ পিছত আম আদমি পাৰ্টিৰ নেতা মনদীপ সিং ব্ৰাৰৰ সৈতে তেওঁৰ সংঘৰ্ষ হয়। তীব্ৰ বাকযুদ্ধৰ মাজতে খঙতে আকালি নেতা বৰ্দেৱ সিঙে গুলীয়াই দিয়ে আৰ নেতাক। যাৰ ফলত মনদীপ সিং ব্ৰাৰ আঘাতপ্ৰাপ্ত হৈ পৰি যায়।
জালালাবাদৰ পৰা আপৰ বিধায়ক জগদীপ কম্বোজ গোল্ডীয়েও অভিযোগ কৰে যে গুলীটো আকালি নেতা বৰ্দেৱ সিং মানে নিক্ষেপ কৰিছিল। আহত মনদীপ সিং ব্ৰাৰক জালালাবাদৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও সংকটজনক অৱস্থাৰ বাবে তেওঁক লুধিয়ানাৰ জিলা চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ