সংগীতজগতত আকৌ শোকৰ ছায়া৷ মাত্ৰ ৩৭ বছৰ বয়সতে প্ৰাণ হেৰুৱালে জনপ্ৰিয় গায়কে৷ পথ দুৰ্ঘটনাত মৃত্যু হৈছে পাঞ্জাৱী গায়ক হৰমন সিধুৰ৷ নিজৰ গাঁৱলৈ উভতাৰ সময়তেই দুৰ্ঘটনাত পতিত হয় গায়কজন৷ তেওঁৰ বাহনে খুন্দা মাৰে এখন ট্ৰাকত৷
পঞ্জাৱৰ মানসা জিলাৰ খয়ালা গাওঁৰ বাসিন্দা হৰমন৷ শনিবাৰে নিজৰ গাঁও অভিমুখে উভতিছিল তেওঁ৷ সেই সময়তেই মানসা পাটিয়ালাত এখন ট্ৰাকৰ সৈতে খুন্দা লাগে তেওঁৰ বাহনৰ৷ ঘটনাস্থলৰ কিছু ছবি আৰু ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে৷ গায়ক হৰমনৰ বাহনখনৰ সন্মুখৰ ভাগ সম্পূৰ্ণৰূপে ট্ৰাকৰ তলত সোমাই গৈছে৷ যাৰফলত থিতাতে প্ৰাণ হেৰুৱাইছে গায়কজনে৷
মিছ পূজাৰ সৈতে পেপাৰ ইয়া প্যাৰ গানৰ মাধ্যমেৰে জনপ্ৰিয় হৈ উঠিছিল হৰমন৷ তাৰপিছতেই এটাৰ পাছত আনটো জনপ্ৰিয় গীত৷ তেওঁৰ কণ্ঠও আছিল অসাধাৰণ৷ বহু মানুহ তেওঁৰ কণ্ঠৰ অনুৰাগী হৈ উঠিছিল৷ মূলত Gen Zৰ মাজত তেওঁ অত্যন্ত জনপ্ৰিয় আছিল৷ তেওঁৰ গানৰ কথাৰ সৈতে আত্মিক টান অনুভৱ কৰিছিল অনুৰাগীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















