অসম লাইভ২৪ঃ মোদীৰ ওপৰত খঙত অগ্নিশৰ্মা দেশৰ চাৰি শংকৰাচাৰ্য। সেয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান বয়কট কৰিছে তেওঁলোকে। কিয় এই অনুষ্ঠান তেওঁলোকে বয়কট কৰিছে তাৰ স্পষ্ট কাৰণো দাঙি ধৰিছে। শেহতীয়াকৈ পুৰীৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতী মহাৰাজেও এই সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য।
কিয় ৰাম মন্দিৰৰ অনুষ্ঠান বয়কট কৰিছে ৪ শংকৰাচাৰ্যই?
এটা বিশেষ সাক্ষাৎকাৰত পুৰীৰ শংকৰাচাৰ্যই কয়, ‘শংকৰাচাৰ্যৰ নিজস্ব মৰ্যদা থাকে। এয়া কোনো অহংকাৰৰ বিষয় নহয়। নৰেন্দ্ৰ মোদীয়ে নিজ হাতেৰে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু আমি বহি বহি সেই কাৰ্য উপভোগ কৰিম। হাতচাপৰি মাৰিম। এই কথা সম্ভৱ নেকি? ধৰ্ম নিৰপেক্ষ দেশত চৰকাৰ গঠন কৰিছে বুলিয়েই সমগ্ৰ পৰম্পৰাক জলাঞ্জলি দিয়া উচিত নহয়।’ চাৰিজন শংকৰাচাৰ্যৰ ৰাম মন্দিৰ বয়কটক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কংগ্ৰেছসহ বিৰোধী ৰাজনৈতিক দলসমূহে বক্তব্য ৰাখিছে যে, অসম্পূৰ্ম মন্দিৰত সনাতনী ৰীতি মানি ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে সেয়ে শংকৰাচাৰ্যসকলে সেই অনুষ্ঠান বয়কট কৰিছে।
ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে এই সন্দৰ্ভত কৈছে, ‘ৰাম মন্দিৰ উদ্বোধনৰ অনুষ্ঠানক ৰাজনৈতিক ৰং দিয়া হৈছে। আমাৰ সনাতন ধৰ্মৰ সকলোতকৈ গুৰুত্বপূৰ্ণ চাৰিজন শংকৰাচাৰ্যই এই অনুষ্ঠান বয়কট কৰিছে। তেওঁলোকেই যেতিয়া বয়কট কৰিছে তেন্তে সহজেই অনুমেয় যে ৰাম মন্দিৰত ৰাজনীতিৰ ৰং লাগিছে।’ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান বয়কট কৰা চাৰিগৰাকী শংকৰাচাৰ্য হৈছে উত্তৰাখণ্ডৰ জ্যোতিষপীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তশ্বৰানন্দ সৰস্বতী, গুজৰাটৰ দ্বাৰকা, ওড়িশাৰ পুৰীৰ গোবৰ্ধনপীঠ আৰু কৰ্ণাটকৰ শ্ৰীঙ্গেরিৰ প্ৰধানে এই অনুষ্ঠা বয়কট কৰিছে। কিন্তু ইমান গ্ৰেণ্ড চেলিব্ৰেছনত কিয় উপস্থিত নাথাকে চাৰি শংকৰাচাৰ্য সেই বিষয়টোক লৈ অব্যাহত থকা চৰ্চাৰ মাজতে উত্তৰাখণ্ডৰ জ্যোতিষপীঠৰ শংকৰাচাৰ্যৰ মন্তব্য, ‘সনাতন ধৰ্মৰ আইন ভংগ কৰি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত তেওঁলোক উপস্থিত নাথাকে। মন্দিৰৰ নিৰ্মাণকাৰ্য শেষ নোহোৱাকৈ ৰামৰ মূৰ্তি স্থাপন কৰাটো কেতিয়াও সনাতন ধৰ্মৰ ৰীতি হ’ব নোৱাৰে। অসমাপ্ত মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাটো আমি মানি ল’ব নোৱাৰো।’
উল্লেখ্য যে, ৰাম মন্দিৰৰ এই উদ্বোধনী অনুষ্ঠানক RSS-BJPৰ ৰাজনৈতিক ইভেণ্টৰ নাম দিছে কংগ্ৰেছে। একেই মত দাঙি ধৰিছে বিৰোধী দল CPI(M)-য়েও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















