অসম লাইভ২৪ঃ ‘পুষ্পা’ মুকলিৰ এবছৰ পাৰ হ’লেও অনুৰাগীৰ মাজত ‘পুষ্পা’ লৈ থকা উন্মাদনা এতিয়াও যেন কমাই নাই৷ প্ৰত্যেকেই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ‘পুষ্পা দ্যা ৰুল’ৰ বাবে৷ ক্ষন্তেক সময় পূৰ্বে ‘পুষ্পা দ্যা ৰুল’ৰ টিছাৰ মুকলি কৰিছে৷ টিজাৰ মুকলিৰ লগে লগেই টুইটাৰত এতিয়া ‘পুষ্পা দ্যা ৰুল’ৰ ট্ৰেণ্ড৷
৭ এপ্ৰিলত পুষ্পাৰ অভিনেতা আল্লু অৰ্জুনৰ ওপজা দিন৷ নিৰ্মাতাই সেয়ে আজিৰ দিনটোতেই মুকলি কৰিছে চিনেমাখনৰ টিজাৰ৷ টিজাৰত দেখুওৱা অনুসৰি সকলোৱে পুষ্পা ক’ত বিচাৰি আছে৷ সকলোৱে পুষ্পাক বিচাৰি থাকোতেই শেষত এটা বাঘৰ সন্মুখত ওলাই এজন ব্যক্তি৷ ব্যক্তিজনক দেখিয়েই পিছুৱাই আহে বাঘো৷ তেতিয়াই পুষ্পাৰ বাবে বাট চাই থকাসকলে কৈ উঠে এয়া পুষ্পাৰ বাদে কোনো হ’ব নোৱাৰে৷ টিজাৰৰ লগতে লিখা হৈছে এটা বিশেষ টেগ লাইন৷ য’ত লিখা আছে ‘Hunt Befire Rule’.
ছবিখনত আল্লু অৰ্জুন, ৰশ্মিকা মন্দানাৰ লগতে থাকিব বহুকেইজন শিল্পীও৷ ছবিখনৰ টিজাৰ মুকলিৰ লগে লগেই দৰ্শকে যে ছবিখন আঁকোৱালি ল’ব সেই কথা স্পষ্ট হৈ পৰিছে৷ ছবিখনৰ পৰিচালক সুকুমাৰো ছবিখনক লৈ খুবেই আশাবাদী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ