অসম লাইভ২৪ঃ বিয়াৰ পাছত বলীউডৰ পৰা একেবাৰেই হেৰাই গৈছে অভিনেত্ৰী বিপাশা বসু৷ কন্যা দেৱীক লৈ খুবেই ব্যস্ত এতিয়া বিপাশা৷ সামাজিক মাধ্যমত স্বামী কৰণ সিং গ্ৰোভাৰৰ সৈতে মাজে মাজে কিছু ছবি পোষ্ট কৰে বিপাশাই৷ বিপাশা আৰু কৰণৰ বিবাহৰ ৭ বছৰ সম্পূৰ্ণ হ’ল যদিও কৰণৰ পৰকীয়া প্ৰেমৰ বিষয়সমূহ কিন্তু এতিয়াও চৰ্চাত৷
ধাৰাবাহিকৰ পৰা বলীউডৰ ছবিজগতলৈ অহা কৰণে বহুসময়ত তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেই চৰ্চা লাভ কৰি আহিছে৷ হিন্দী ধাৰাবাহিক ‘দিল মিল গয়ে’ৰ মাধ্যমেৰে জনপ্ৰিয় হৈ পৰা কৰণে প্ৰথমেই প্ৰেমৰ বান্ধোনত বান্ধ খাইছিল শ্ৰদ্ধা নিগমৰ সৈতে৷ প্ৰেমৰ পাছতেই দুয়োৰে বিবাহ৷ কিন্তু তেওঁলোকৰ সম্পৰ্ক বেছিদিন নিটিকিল৷ ১০ মাহৰ পাছতেই দুয়োৰে বিচ্ছেদ হয়৷
তাৰপাছতেই কৰণে ডান্সৰ ৰিয়েলিটি শ্ব’ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে৷ সেই বিশেষ শ্ব’টোত কৰিঅ’গ্ৰাফাৰ হিচাপে আছিল নিকোল এলভাৰেছ৷ নিকোলৰ সৈতে বিবাহ বহিঃৰ্ভূত সম্পৰ্কত সোমাই পৰে কৰণ৷ সেই পৰকীয়া প্ৰেমৰ বাবেই শ্ৰদ্ধাই কৰণৰ পৰা বিচ্ছেদ বিচাৰে৷ শ্ৰদ্ধাৰ সৈতে বিবাহ বিচ্ছেদৰ তিনি বছৰৰ পাছত পুনৰ বিবাহপাশত আৱদ্ধ হয় কৰণ৷ সেইবাৰ তেওঁ বিয়া কৰোৱাই সহ অভিনেত্ৰী জেনিফাৰ উইংগেটক৷ ‘দিল মিল গয়ে’ ধাৰাবাহিকৰ শ্বুটিঙতেই দুয়োৰে চিনাকি হৈছিল৷ জেনিফাৰৰ সৈতে কিছুদিন প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতেই দুয়োৱে বিবাহৰ সিদ্ধান্ত লয়৷ জেনিফাৰৰ সৈতে কৰণৰ বিবাহে সকলোতে চৰ্চাও লাভ কৰে৷ বহু দৰ্শকেই এই তাৰকা যুঁটিটোক ভালো পাইছিল৷ কিন্তু কৰণৰ সৈতে সেই সম্পৰ্কতো ফাঁট মেলে নিকোলাৰৰ বাবেই৷ জেনিফাৰে জনোৱা অনুসৰি প্ৰাক্তন স্ত্ৰী শ্ৰদ্ধাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছিল কৰণে৷ কৰণৰ সৈতে একেখন ঘৰত থাকিলেও দুয়োৰে মাজত ভাল সম্পৰ্ক নাছিল৷
জেনিফাৰৰ সৈতে অশান্তি অহাত কৰণে শ্ৰদ্ধা আৰু নিকোলৰ সৈতে সম্পৰ্ক একেবাৰেই নৰখাৰ সিদ্ধান্ত লয়৷ নিজৰ ভুল বুজি কৰণে ক্ষমাও খোজে জেনিফাৰৰ ওচৰত৷ কিন্তু সম্পৰ্কলৈ কিছু মসৃণতা আহোতেই তৃতীয় ব্যক্তিৰ অবিৰ্ভাৱ হয় দুয়োৰে মাজত৷ ‘কবুল হে’ নামৰ হিন্দী ধাৰাবাহিকত কাম কৰিবলৈ সুবিধা পায় কৰণে৷ সেই ধাৰাবাহিকৰ প্ৰযোজক গুল খানৰ সৈতে আকৌ পৰকীয়া সম্পৰ্ক গঢ়ি তোলে কৰণে৷ কেৱল প্ৰযোজকেই নহয়, সহ অভিনেত্ৰী সুৰভি জ্যোতিৰ সৈতেও ধীৰে ধীৰে সম্পৰ্ক গভীৰ হৈ পৰে কৰণৰ৷ শ্বুটিং শেষ হ’লেও ঘৰলৈ অহাৰ পৰিবৰ্তে সুৰভীৰ সৈতে সময় কটোৱাৰ খবৰ লাভ কৰে পত্নী জেনিফাৰে৷ কৰণ আৰু সুৰভীক ধৰাও পেলায় জেনিফাৰে৷ আপত্তিকৰ অৱস্থাত দুয়োকে ধৰা পেলাই জেনিফাৰে লগে লগেই কৰণক ৰাজহুৱা স্থানতেই চৰ শোধাই জেনিফাৰে৷ কেৱল চৰ শোধোৱাই নহয় লগে লগে কৰণৰ সৈতে বিচ্ছেদৰ সিদ্ধান্ত লয়৷ দুবছৰ সংসাৰ কৰি ২০১৪ চনত কৰণ আৰু জেনিফাৰৰ সম্পৰ্ক বিচ্ছেদ হয়৷
বলীউডৰ একাংশই দাবী কৰা অনুসৰি তাৰপাছতেই কৰণে জনপ্ৰিয় অভিনেত্ৰী বিপাশা বসুৰ সৈতে ‘এলন’ ছবিত কাম কৰিবলৈ সুবিধা পায়৷ বিপাশাক কাষত পায় লগে লগেই বিপাশাৰ প্ৰেমত পৰে কৰণ৷ ২০১৫ চনত ‘এলন’ মুক্তি পোৱাৰ পিছত কৰণ আৰু বিপাশাৰ সম্পৰ্ক পোহৰলৈ আহে৷ এই খবৰ ভাইৰেল হৈ পৰাৰ কিছুদিন পাছত কৰণ আৰু বিপাশাই বিবাহপাশত আৱদ্ধ হয়৷ বিপাশাৰ সৈতে বিবাহৰ পাছত কৰণৰ তেনে কোনো পৰকীয়া প্ৰেমৰ কথা আৰু পোহৰলৈ অহা নাই৷ বিবাহৰ পাছত কৰণকো তেনে কোনো অভিনেত্ৰীৰ সৈতে অভিনয় কৰা দৃষ্টিগোচৰ হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ