অসম লাইভ ২৪ঃ চিকিৎসা সেৱাৰ নামত কচাইখানাত পৰিণত কলিকতাৰ ৰবীন্দ্ৰ হাস্পতাল। দুখীয়া ৰোগীক কম খৰছত চিকিৎসা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে দেহৰ অংগ বাহিৰ কৰি বিভিন্ন পুঁজিপতি লোকৰ দেহত সংৰোপন কৰে ৰবীন্দ্ৰ হাস্পতালে। মৰিগাঁৱৰ ধৰমতুলৰ অংগ সৰবৰাহৰ ঘটনাৰ পাছতেই পোহৰলৈ আহিছে ন-ন চাঞ্চল্যকৰ তথ্য। অংগ সৰবৰাহৰ সৈতে জড়িত মূল অভিযুক্ত ৰমেন মেধিক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। গাওঁখনৰ ৩৫ জনৰো অধিক লোকক অৰ্থৰ বিনিময়ত কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল একাংশ দুষ্টচক্ৰই। বৰ্তমানেও কলকাতাত আৱদ্ধ হৈ আছে ৫-৬ গৰাকী ব্যক্তি। ঘটনা সন্দৰ্ভত জাগীৰোড থানাত ৪৩২/২১ নম্বৰত এক গোচৰ ৰুজু কৰি অসাধু চক্ৰৰে জড়িতসকলক কৰায়ত্ব কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। gmchৰ মেডিকেল বৰ্ডে অনুমোদন দিয়াৰ পাছত ধনৰ বিনিময়ত কিডনী বিক্ৰী কৰিব বিচৰাসকলৰ দেহৰ পৰা কিডনী বাহিৰ কৰে ৰবীন্দ্ৰ হাস্পতালে। উল্লেখ্য, উত্তৰ-পূবৰ দুখীয়া লোকসকলক কম ব্যয়ত চিকিৎসা প্ৰদান কৰাৰ কথাহে উল্লেখ আছে ৰবীন্দ্ৰ হাস্পতালৰ ৱেবচাইটত। কিন্তু একাংশ মধ্যস্থতাকাৰীৰ সহযোগত উত্তৰ-পূবৰ দুখীয়া লোকক চিকিৎসা প্ৰদানৰ নামত ৰোগীৰ অংগ বিক্ৰী কৰে ৰবীন্দ্ৰ হাস্পতালে। যাৰ বাবে উত্তৰ-পূবৰ বহুলোকে সম্প্ৰতি এটা কিডনীৰেই জীয়াই থাকিবলগীয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ