মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ আলোচনাই চলিত বৰ্ষৰ সংবাদ শিৰোনাম দখল কৰি আহিছে৷ ১২ জুলাইত বিয়া যদিও প্ৰাক বিবাহৰ অনুষ্ঠান আৰম্ভ হৈছে মাৰ্চ মাহৰ পৰা৷ গুজৰাটৰ জামেনগৰত ধুমধামেৰে কৰিছিল প্ৰথমটো প্ৰি ৱেডিং৷ সেই অনুষ্ঠানত আম্বানীয়ে ব্যয় কৰিছিল কেইবাকোটি টকা৷ তাৰপিছতেই দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠান চলিছিল ইটালীৰ বিলাসবহুল ক্ৰুজত৷ ২৯ মেৰ পৰা ১ জুন পৰ্যন্ত চলিছিল এই অনুষ্ঠান৷ সেই অনুষ্ঠানটো কেইবা কোটি টকা খৰচ কৰিছে আম্বানীয়ে৷ ইটালীত পতা বিশেষ অনুষ্ঠানৰ ছবি কিন্তু খুব গোপনে ৰাখিছিল আম্বানী পৰিয়ালে৷
শেহতীয়াকৈ সেই গোপনীয়তা ভেদি ভাইৰেল হৈছে ফটো৷ আম্বানীৰ পূত্ৰবধূয়ে পৰিধান কৰা ড্ৰেছক লৈ চলিছে চৰ্চা৷ আম্বানীৰ পূত্ৰবধূয়ে সাধাৰণ পোছাক পিন্ধিব সেয়া হ’বই নোৱাৰে৷ প্ৰাক বিবাহৰ অনুষ্ঠান উপলক্ষ্যে ৰাধিকাই পৰিধান কৰিছিল এক বিশেষ গাউন৷ গাউনত প্ৰিণ্ট কৰা আছিল অনন্তই লিখা প্ৰেমপত্ৰ৷
ৰাধিকাৰ বয়স তেতিয়া ২২ বছৰ৷ সেই সময়ত প্ৰথমবাৰ অনন্তই তেওঁক ভালপোৱাৰ প্ৰস্তাৱ দিছিল৷ ৰাধিকাৰ জন্মদিন উপলক্ষ্যে অনন্তৰ হাতে লিখা বিশেষ চিঠি সামৰি ৰাখিছিল ৰাধিকাই৷ বিবাহৰ অনুষ্ঠান উপলক্ষ্যে সেই চিঠিয়েই প্ৰিণ্ট কৰি গাউন বনাই পৰিধান কৰিছে ৰাধিকাই৷ ৰাধিকাই সেই সন্দৰ্ভত কয়, ‘মোৰ জন্মদিনত অনন্তই এখন দীঘলীয়া চিঠি লিখিছিল৷ সেই চিঠিয়েই মই পিন্ধিছো৷ মই তেওঁৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ সেই কথা মই তুমি এই চিঠি সামৰি ৰাখিলেই বুজি পাম৷ মই বিচাৰো আমাৰ নাতিনাতিনীয়েও আমাৰ প্ৰেমৰ কথাবোৰ বুজাকৈ সকলো সংৰক্ষিত হৈ থাকক৷’
প্ৰাক বিবাহৰ অনুষ্ঠানৰ প্ৰথম দিনাই ৰাধিকাই এই বিশেষ গাউনটো পৰিধান কৰিছিল৷ অফ শোল্ডাৰ গাউনৰ উপৰিভাগ আছিল কলা, তাত চুমকিৰ কাম কৰা৷ গাউনৰ তলৰ ভাগটো আছিল বগা চিফন কাপোৰেৰে তৈয়াৰ কৰা৷ বগা অংশতেই অনন্তৰ হাতে লিখা চিঠি প্ৰিণ্ট কৰা আছিল৷ ৰাধিকাৰ বিশেষ দিনৰ এই পোছাক তৈয়াৰ কৰিছে লণ্ডনৰ পোছাকশিল্পী ৰবাৰ্ট উনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ