বৈদিক জ্যোতিষত ৰাহুক ছাঁয়া গ্ৰহ বুলি কোৱা হয়৷ অৰ্থাৎ এই গ্ৰহৰ কোনো বাস্তৱ অস্তিত্ব নাই। কিন্তু জ্যোতিষ শাস্ত্ৰত এই গ্ৰহৰ গুৰুত্ব আছে৷ যি কেইটা জাতকৰ প্ৰতি ৰাহুৰ দয়া কৰে, তেওঁলোকৰ ধন-সম্পত্তি, খ্যাতি আৰু সুখৰ অভাৱ নহয়৷ শনিৰ পিছতেই এনে কেইটামান গ্ৰহ আছে যিকেইটা গ্ৰহে অতি ধীৰ গতিত নিজৰ স্থান পৰিবৰ্তন কৰে। শনিৰ তুলনাত ৰাহুৰ প্ৰভাৱ তাৎক্ষণিক হোৱাৰ লগতে লেহেমীয়া, কিন্তু স্থায়ী।
কেৱল ৰাহুৱে ৰাশিৰ পৰিবর্তনেই কৰে তেনে নহয়৷ নক্ষত্রৰো পৰিৱর্তন কৰে৷ ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱ গভীৰ আৰু সুদূৰপ্ৰসাৰী৷ ২০২৪ চনৰ ৫ জুলাইত উত্তৰ ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰা ৰাহুৱে বৰ্তমান এই নক্ষত্ৰৰ দ্বিতীয় পদ (পৰ্যায়)ত আছে৷ ২০২৪ চনৰ ২ ডিচেম্বৰলৈকে এই স্থানতেই থাকিব ৰাহু৷ উত্তৰ ভদ্ৰপদ নক্ষত্ৰৰ প্ৰভু শনি। বৈদিক জ্যোতিষ তত্ত্ব অনুসৰি ৰাহুৱে শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰি অতিশয় শক্তিশালী হৈ পৰিছে৷ ৰাহুৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশে ৩ ৰাশিৰ লোকৰ জীৱনত অতি ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। জানি থওক ভাগ্যৱান ৰাশিৰ তালিকা৷
ৰাহুৰ গতিৰ প্ৰভাৱ এই ৩ৰাশিৰ ওপৰত
মেষ ৰাশি
ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তনে মেষ ৰাশিৰ লোকসকলৰ ওপৰত অতি ইতিবাচক প্ৰভাৱ পেলাব৷ আপোনাৰ চিন্তাত স্পষ্টতা আৰু স্বভাৱত স্থিৰতা থাকিব। আপুনি নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হ’ব। আপোনাৰ এই প্ৰচেষ্টাই ধন-সম্পত্তি লাভৰ পথ মসৃণ কৰি তুলিব। ব্যৱসায়িক কাম ত্বৰান্বিত হ’ব। আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ পৰা সঠিক পৰামৰ্শ আৰু সমৰ্থন পাব। নতুন চাকৰি পাব পাৰে৷ আপুনি প্ৰগতিৰ চিৰি বগাই যাব পাৰে৷ পৰিয়ালৰ মাজত ঐক্য শক্তিশালী হ’ব। অভিভাৱকৰ স্বাস্থ্য ভাল হব। জীৱন সংগীৰ পৰাও আপুনি সম্পূৰ্ণ সহায় পাব।
মিথুন ৰাশি
ৰাহুৰ উত্তৰ ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশে আপোনাক ভাল ফল দিব৷ বুদ্ধিমত্তাৰ বাবে সকলোৱে আপ্লুত হ’ব। আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিবৰ্তন অহাৰ সম্ভাৱনা আছে। যি ক্ষেত্ৰতে নাথাকক কিয়, সফলতা লাভ কৰিব৷ কিন্তু খেতি, শস্যৰ লেনদেন আৰু ব্যৱসায় অধিক লাভ কৰিব। নতুন কৰ্মসংস্থাপনৰ সুযোগ, নিবনুৱা লোকে চাকৰি লাভ কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িত হৈ ভ্ৰমণ কৰিব পাৰে৷ প্ৰেমৰ সম্পৰ্কত সংগীৰ পৰিয়ালক লগ পোৱাৰ বাবে এয়াই শুভ সময়৷
কুম্ভ ৰাশি
ৰাহুৰ নক্ষত্ৰ পৰিৱৰ্তনে কুম্ভ ৰাশিৰ লোকসকলৰ ওপৰত অতি ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। আপোনাৰ টকা উপাৰ্জনৰ প্ৰচেষ্টাই হয়তো নতুন গতি লাভ কৰিব। আপুনি এটা উৎস বাছি লৈ আগবাঢ়ি যাব, যাৰ পৰা আপুনি নিৰ্দিষ্ট পৰিমাণৰ ধন লাভ কৰিব। জীৱনত স্থিৰতা থাকিব। পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ সহায়ত কিছু নতুন কাম আৰম্ভ কৰিব পাৰে। পৰিকল্পনা কৰি আগবাঢ়ি যোৱাটো লাভজনক হ’ব। ব্যৱসায়ৰ উত্থান হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ