চন্দ্ৰগ্ৰহণৰ গুৰুত্ব কেৱল বিজ্ঞানতে নহয় জ্যোতিষতো যথেষ্ট আছে৷ হিন্দু পঞ্জিকা অনুসৰি ২০২৪ চনত দুটাকৈ চন্দ্ৰগ্ৰহণ আছে। ২৫ মাৰ্চ অৰ্থাৎ হোলীৰ দিনটোত প্ৰথমটো চন্দ্ৰগ্ৰহণ হৈছিল। বছৰৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ ছেপ্টেম্বৰ মাহতেই হ’ব। জ্যোতিষৰ মতে বছৰৰ এই চন্দ্ৰগ্ৰহণ অতি বিশেষ হ’ব পাৰে। বছৰৰ শেষ চন্দ্ৰগ্ৰহণ কেতিয়া হ’ব? লগতে সুতক কাল কি? কোন কোন ৰাশিৰ জাতকৰ ওপৰত অধিক প্ৰভাৱ পৰিব?
২০২৪ চনৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ কেতিয়া?
চন্দ্ৰগ্ৰহণ সদায় পূৰ্ণিমাৰত হয়। এইবাৰ ভাদ মাহৰ পূৰ্ণিমাৰ তাৰিখ ১৮ ছেপ্টেম্বৰত৷ ১৮ ছেপ্টেম্বৰত হ’ব দ্বিতীয় চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰৰ পুৱা ৬:১১ বজাৰ পৰা আৰম্ভ হৈ শেষ হ’ব পুৱা ১০:১৭ বজাত। এই চন্দ্ৰগ্ৰহণৰ মুঠ সময় হ’ব ৪ ঘন্টা ৬ মিনিট।
ভাৰতত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’বনে?
ভাদ মাহৰ পূৰ্ণিমাৰ দিনাই চন্দ্ৰগ্ৰহণ হ’ব। চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ সময়ত সমগ্ৰ ভাৰততে চন্দ্ৰ অস্ত যাব। সেয়ে ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান নহয়৷ যেতিয়া চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব তেতিয়া উত্তৰ পশ্চিম আৰু উত্তৰ দক্ষিণ ভাৰতৰ চহৰত চন্দ্ৰ অস্ত যাব। গতিকে কিছু সময়ৰ বাবে এই অঞ্চলবোৰত চন্দ্ৰৰ পোহৰ ম্লান হৈ থাকিব৷
চন্দ্ৰগ্ৰহণৰ সুতক সময় ২০২৪
হিন্দু ধৰ্মৰ বিশ্বাস অনুযায়ী সূৰ্যগ্ৰহণৰ পূৰ্বে বা সূৰ্যগ্ৰহণৰ সময়ত আৰু তাৰ পিছৰ সময়ছোৱা অতিশয় অশুভ বুলি গণ্য কৰা হয়। ইয়াক সুতক কাল বুলি কোৱা হয়। জ্যোতিষৰ মতে চন্দ্ৰগ্ৰহণৰ সুতক সময় সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় ৯ ঘণ্টা আগতেই আৰম্ভ হয়। কেৱল সূৰ্যগ্ৰহণৰহে সুতক সময় থাকে। যিহেতু ছেপ্টেম্বৰ মাহত হোৱা চন্দ্ৰগ্ৰহণ চন্দ্ৰ অস্ত আৰু সূৰ্য্য উদয়ৰ পিছত অৰ্থাৎ দিনত হোৱাৰ বাবে ভাৰতত দেখা নাযায়, সেয়েহে ইয়াৰ কোনো সুতক কাল নাথাকে।
কোন কোন ৰাশিৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ?
চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰ মেষ ৰাশিত থাকিব৷ সুতক কাল নাই যদিও এই চন্দ্ৰগ্ৰহণে কম বেছি পৰিমাণে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। এই ৰাশিৰ লোক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷ আনহাতে কিছুমান মানুহৰ বাবে সেয়া শুভ বুলি প্ৰমাণিত হ’ব পাৰে। এই চন্দ্ৰগ্ৰহণ মেষ, মিথুন ৰাশি, কৰ্কট, কন্যা, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশিৰ লোকৰ বাবে ঋণাত্মক বুলি প্ৰমাণিত হ’ব যদিও বৃষ, সিংহ, ধনু আৰু মকৰ ৰাশিৰ লোকৰ বাবে ই ধনাত্মক প্ৰমাণিত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ