জ্যোতিষ শাস্ত্ৰত ৰাহুক ছাঁ গ্ৰহ বা পাপী গ্ৰহ বুলি গণ্য কৰা হয়। ৰাহু এক নিষ্ঠুৰ গ্ৰহো। যিসকল লোকৰ ৰাহুৰ স্থিতি তেওঁলোকৰ ৰাশিফলত দুৰ্বল হয় তেওঁলোকে মানসিক চাপত ভুগিবলগীয়া হয়। চিন্তা আৰু বুজাৰ শক্তি কমিবলৈ আৰম্ভ কৰে৷ ব্যক্তিগৰাকী সকলো সময়তে চিন্তিত হৈ থাকে। যিসকলে ৰাহু গ্ৰহৰ বিশেষ আশীৰ্বাদ লাভ কৰে, তেওঁলোকে জীৱনত সকলো সুখ পায়। ধন বা স্বাস্থ্যৰ লগত জড়িত সৰু সৰু সমস্যাই তেওঁলোকক কোঙা কৰিব নোৱাৰে। ইয়াৰ উপৰিও ৰাহুৰ ৰাশি আৰু নক্ষত্ৰ পৰিৱৰ্তনৰ প্ৰভাৱে এজন ব্যক্তিৰ জীৱনলৈকো পৰিৱৰ্তন আনে।
বৈদিক পঞ্জিকা অনুসৰি পাপী গ্ৰহ ৰাহুৱে প্ৰায় ১৮ মাহৰ পিছত নিজৰ ৰাশি সলনি কৰে। কিন্তু ইয়াৰ মাজতে ৰাহুৰ নক্ষত্ৰমণ্ডল নিশ্চিতভাৱে সলনি হয়। বৰ্তমান ৰাহু মীন ৰাশিত অৱস্থিত, আগন্তুক ২০২৫ চনলৈকে মীন ৰাশিত থাকিব এই গ্ৰহ৷ কিন্তু ইয়াৰ মাজতে ৰাহুৱে দুবাৰৰ পৰা তিনিবাৰলৈ নক্ষত্ৰ পৰিবৰ্তন কৰিব। ০২ ডিচেম্বৰলৈ ৰাহু শনিৰ উত্তৰভদ্ৰপদ নক্ষত্ৰৰ তৃতীয় স্থানত থাকিব৷ যাৰ বাবে আগন্তুক তিনিমাহত বহু ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহিব। তিনিমাহত লাখপতি হ’ব এই তিনি ৰাশিৰ জাতক৷
মেষ ৰাশি
উত্তৰভদ্ৰপদ পদৰ তৃতীয় নক্ষত্ৰমণ্ডলত ৰাহুৰ আগমনৰ বাবে আগন্তুক তিনিমাহত মেষ ৰাশিৰ লোকে বিশেষ সুবিধা লাভ কৰিব। দীৰ্ঘদিন ধৰি বাকী থকা কাম ক্ৰমান্বয়ে সম্পূৰ্ণ হ’ব। কেৰিয়াৰত আগবাঢ়ি যাবলৈ বহুতো নতুন সুযোগ পাব। কৰ্মত নিয়োজিত লোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। বহিঃৰাজ্যত কাম কৰাৰ সপোন পূৰণ হ’ব পাৰে যুৱক-যুৱতীসকলৰ। ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। অংশীদাৰিত্বৰ কাম কৰাৰ এইটোৱেই উপযুক্ত সময়।
কৰ্কট ৰাশি
ৰাহুৰ নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনে কৰ্কট ৰাশিৰ লোকৰ জীৱনলৈ ইতিবাচক খবৰ আনিব৷ উচচ শিক্ষাৰ বাবে বহিঃৰাজ্যলৈ যোৱা যুৱক-যুৱতীসকলৰ সপোন পূৰণ হ’ব পাৰে। কৰ্মত নিয়োজিত হৈ থকা লোকসকলে প্ৰতিটো কামতে ভাগ্যৰ সমৰ্থন পাব৷ যাৰ বাবে আপুনি আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব। বিবাহিত লোকে শাৰীৰিক মানসিক চাপৰ পৰা সকাহ পাব পাৰে। পিতৃ-মাতৃৰ সৈতে সময় কটালে সম্পৰ্ক গভীৰ হ’ব। অনাগত তিনিমাহৰ বাবে ব্যৱসায়ীসকলে বিপুল লাভ কৰিব।
বৃশ্চিক ৰাশি
আগন্তুক তিনিমাহলৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ ওপৰত কৃপা বৰ্ষিত হ’ব পাপী গ্ৰহ ৰাহুৰ। আপোনাৰ ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে আপুনি যি নতুন নীতি তৈয়াৰ কৰিছে সেই নীতিতেই সফল হ’ব। বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। বিবাহিত লোকে নিজৰ সংগীক নিবিড়ভাৱে পাব। ধনৰ অভাৱত ভুগি থকা লোকসকলৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ’ব। চৰকাৰী খণ্ডত কাম কৰা লোকসকলে আৰ্থিকভাৱে লাভৱান হ’ব পাৰে। শ্বেয়াৰ মাৰ্কেটৰ পৰাও ভাল লাভ কৰিব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ