অসম লাইভ২৪ঃ বিশ্বকাপৰ পাছতেই ভাৰতীয় দলত প্ৰশিক্ষকৰ দায়িত্বৰ পৰা আঁতৰাৰ কথা কৈছে ৰাহুল দ্ৰাবিড়ে। ৰাহুল দ্ৰাবিড়ৰ ভৱিষ্যতক লৈ তাৰপিছৰে পৰাই আৰম্ভ হৈছে জল্পনা। বহুতেই ভাৱিছে তেওঁ নিশ্চয় অন্য কোনো দলৰ দায়িত্ব ল’ব। বহুতেই আকৌ কৈছে কম চাপৰ কাম এতিয়া কৰিব খুজিছে ৰাহুলে। ভৱিষ্যতৰ দিনত বিৰাট কোহলি, ৰোহিত শৰ্মাৰ সৈতে আৰু কাম নকৰে ৰাহুল দ্ৰাবিড়ে। এক সূত্ৰৰ দাবি যে নতুন চাকৰিত যোগদান কৰিব ৰাহুল দ্ৰাবিড়ে। ক্ৰিকেটৰ সৈতে সম্পৰ্ক চ্ছেদ নকৰিলেও প্ৰশিক্ষকৰ দায়িত্বত আৰু নাথাকে ৰাহুল দ্ৰাবিড়।
অৱশ্যে আইপিএলৰ ফ্ৰেঞ্চাইজিৰ মেণ্টৰ হিচাপে কাম কৰিব পাৰে দ্ৰাবিড়ে। লক্ষ্নৌ ছুপাৰ জায়ান্টছ এৰি কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে যোগদান কৰিছে গৌতম গম্ভীৰে। গৌতম গম্ভীৰৰ স্থানতেই দ্ৰাবিড়ক আনিব পাৰে কলকাতাৰ উদ্যোগী সঞ্জীৱ গোয়েনকাই। ২০২৪ত আইপিএলত দ্ৰাবিড়ক লক্ষ্নৌৰ মেণ্টৰৰ ভূমিকাত দেখিব বুলিও এক সূত্ৰই দাবী কৰিছে। ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে কাম আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ সৈতে যুক্ত হৈ আছিল। দ্ৰাবিড়ক আকৌ নিজ দলৰ কোচ হিচাপে বিচাৰি প্ৰস্তাৱো আগবঢ়াইছে ৰাজস্থানে। অৱশ্যে ৰাহুল দ্ৰাবিড়ৰ এতিয়া প্ৰথম পছন্দ হৈছে লোকেশ ৰাহুলৰ দল। চুক্তিৰ অংকইয়ো এই ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ