অসম লাইভ২৪ঃ হিন্দুত্বক লৈ নতুন বাখ্যা দাঙি ধৰিছে ৰাহুল গান্ধীয়ে। ৰাহুলে লিখিছে সত্যম-শিৱম-সুন্দৰম। ৰাহুলে কৈছে, জীৱনটোক প্ৰেম, আনন্দ আৰু ভয়ৰ এখন বিশাল সাগৰত সাঁতুৰি থকা বুলি কল্পনা কৰকচোন। আমি ইয়াৰ সৌন্দৰ্যৰ সৈতে সহাৱস্থান কৰিব পাৰো। কিন্তু গভীৰতাক ভয় কৰো। সাগৰৰ শক্তিশালী আৰু ক্ৰমাগত পৰিবৰ্তনশীল সোঁতত জীয়াই থকাৰ চেষ্টা কৰো। মহাসমূদ্ৰত প্ৰেম, ভালপোৱাৰ সংযোগৰো বিশাল আনন্দ আছে। সেয়া হ’লেও ইয়াৰ মাজতে ভীতিও আছে। এই ভীতি মৃত্যুৰ ভীতি, এই ভীতি ভোকৰ, এই ভীতি হেৰুওৱাৰ। ইয়াৰোপৰি কষ্ট, তুচ্ছতাবোধ আৰু অসমৰ্থতাৰ ভয়। এই অপৰূপ সমুদ্ৰৰ জীৱন আমাৰ বাবে সামূহিক যাত্ৰা।
যিসকল ব্যক্তিয়ে এই ভীতিক অতিক্ৰম কৰি আগুৱাই যাব পাৰে, সাহসেৰে এই সমুদ্ৰখনত সাঁতুৰিব পাৰে, পৰ্যবেক্ষণ কৰি পাৰে সেই সকল ব্যক্তিয়েই প্ৰকৃততে হিন্দু। হিন্দুত্ব এটা সাংস্কৃতিক আদৰ্শ। এই আদৰ্শক কোনো কোনোৱে ভুলকৈ প্ৰতিষ্ঠাও কৰিছে। এই আদৰ্শক একন নিৰ্দিষ্ট ৰাষ্ট্ৰ বা ভৌগোলিক এলেকাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব খোজাটো সমীচিন নহয়। হিন্দুত্ববাদ হৈছে সত্যৰ উপলব্ধিত আপোচ নকৰা, হিন্দুত্ববাদ হৈছে উন্মুক্ত যাৰ ইচ্ছা তেৱেই এই পথৰে যাত্ৰা কৰিব পাৰে। এজন হিন্দুৱে এই প্ৰেম, সহানুভুতি আৰু সন্মানৰ জীৱন সমুদ্ৰত নিজৰ ওপৰিও কাষৰীয়াজনৰ ওপৰতো নজৰ ৰাখে। কাৰণ তেওঁ বুজি পায় যে একেই জলৰাশিত আমি সকলোৱে সাঁতুৰি আছো, ডুবিছোও। এই যাত্ৰাত আমি এজনে আনজনৰ হাতখন ধৰি আগুৱাব লাগিব। প্ৰকৃত হিন্দুৱে এই কামত কাহানিও পিছপৰি নাথাকে।
এজন হিন্দুৰ ভীতিগ্ৰস্থতাক গভীৰভাৱে অনুধাৱন কৰাৰ সাহস থাকে। তেওঁ ভীতিগ্ৰস্থতাক শত্ৰুৰ পৰা বন্ধুলৈ ৰূপান্তৰ কৰিবলৈকো শিকে। এই বিষয়সমূহেই তেওঁৰ সমগ্ৰ জীৱনক প্ৰভাৱিত কৰি ৰাখে। তেওঁ কাহানিও ভুক্তভোগী নহয়। তেওঁ কেতিয়াও ভীতিগ্ৰস্থতাক প্ৰশ্ৰয় নিদিয়ে। আনহাতে ভীতিগ্ৰস্থতাই তেওঁক যাতে গ্ৰাস নকৰে তাৰ প্ৰতি সতৰ্ক থাকক। এজন প্ৰকৃত হিন্দুৱে জানে জ্ঞান ক’ত থাকে, সমুদ্ৰৰ সামূহিক ইচ্ছাৰ পৰা এয়া আহৰণ কৰে। এয়া কেৱল তেওঁৰ সম্পত্তি নহয়। তেওঁ জানে, সোঁততহে ক্ৰমাগতভাৱে সকলো বিকশিত হয় আৰু কোনো বস্তুৱেই স্থিৰ নহয়। এজন হিন্দু অত্যন্ত বিনয়ী হয়। মহাসমূদ্ৰত সাঁতুৰি থকা যিকোনো লোকৰ পৰা তেওঁ শুনিবলৈ শিকিবলৈ সাঁজু থাকে। তেওঁ সকলো জীৱকেই ভালপায়। সমুদ্ৰক বুজিবলৈ আৰু যাত্ৰাপথ নিৰ্ণয় কৰিবলৈ সকলোৰ যে অধিকাৰ আছে সেয়া প্ৰকৃত হিন্দুৱে মানি লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ