• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

3 years ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

8 minutes ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

57 minutes ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

2 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

3 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

3 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

16 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

17 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

17 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

18 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

18 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

19 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

editor by editor
August 9, 2023
in ভাৰত, ৰাজনীতি
0
লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী
0
SHARES
203
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘নৰেন্দ্ৰ মোদীজী আপুনি যদি হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ শুনিব নোৱাৰে তেন্তে কাৰ শব্দ শুনে। আপুনিতো কেৱল দুজন মানুহৰেই হৃদয়ৰ শব্দ শুনে। এগৰাকী আদানী আৰু আনগৰাকী অমিত শ্বাহ। ৰাৱণেও দুজনৰেই কথা শুনিছিল এজন হৈছে মেঘদূত আৰু আনগৰাকী কুম্ভকৰ্ণ। লংকা কেতিয়াও হনুমানে জ্বলোৱা নাছিল। ৰাৱনৰ অহংকাৰেই লংকা জ্বলাইছিল। ৰামে ৰাৱনক মৰা নাছিল। ৰাৱনক তেওঁৰ অহংকাৰেই মাৰিছিল। আপুনিও দেশত কেৰাচিন ছটিয়াই আছে। মণিপুৰতো কেৰচিন ছটিয়াই আপুনি জ্বলাই দিলে। এতিয়া হাৰিয়ানাত কেৰচিন ছটিয়াই জুই লগাই আছে।’

অনাস্থা প্ৰস্তাৱৰ দ্বিতীয়টো দিনত ৰাহুলৰ বক্তব্য। ৰাহুলে ভাষণৰ আৰম্ভণিতেই অধ্যক্ষ ওম বিৰালাক ধন্যবাদ জ্ঞাপন কৰে। দ্বিতীয়বাৰৰ বাবে লোকসভালৈ আহিবলৈ অনুমতি দিয়াৰ বাবে ধন্যবাদ দিয়ে ৰাহুলে। তাৰপাছতেই ৰাহুলে ক্ষমা খোজে অধ্যক্ষক। কিয়নো তেওঁৰ সাংসদ পদ খাৰিজ হোৱাৰ পূৰ্বে ৰাহুলে আদানী সন্দৰ্ভত উচ্চস্তৰত ভাষণ ৰখাৰ বাবে ক্ষমা খোজে।

মণিপুৰৰ প্ৰসংগক লৈয়েই যিহেতু এই অনাস্থা প্ৰস্তাৱ অনা হৈছে। মণিপুৰ সন্দৰ্ভত মোদীৰ মৌনতা শেষ কৰিবলৈকে এই প্ৰস্তাৱ লোৱা হৈছে বুলি প্ৰথম দিনাই গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছিল। সংসদত অনাস্থা প্ৰস্তাৱক লৈ আৰম্ভ হোৱা দ্বিতীয় দিনাৰ আলোচনাৰ ভাষণ আৰম্ভ কৰি ৰাহুলে কয়, ‘মই হৃদয়েৰে কথাবোৰ পাতিম। হৃদয়ৰ পৰা ওলোৱা শব্দবোৰে হৃদয়ক চুই যায়। আপোনালোকে ভয় নকৰিব মই বেছিকৈ আপোনালোকক আক্ৰমণ নকৰো। এটা দুটা গুলি মাৰিব পাৰো কিন্তু বেছি আক্ৰমণাত্মক নহওঁ। আপোনালোকে ভয় নকৰিব।’

ৰাহুলে কয়, ‘বিগত বৰ্ষত ১৩০ দিনৰ বাবে ভাৰতৰ এটা কোণৰ পৰা আন এটা কোণলৈ মই যাত্ৰা কৰিছো। অকলে মই এই যাত্ৰা কৰা নাই। যাত্ৰাত আমাক সংগ দিছে লাখ লাখ জনতাই। সমুদ্ৰৰ তীৰৰ পৰা মই কাশ্মীৰৰ বৰফাবৃত পাহাৰলৈকে গৈছো। এই যাত্ৰা এতিয়াও শেষ হোৱা নাই। বহুলোকে মোক সুধি আছে, ৰাহুল এই যাত্ৰা কিয় কৰিছা? কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ তুমি কিয় গৈ আছা? যাত্ৰাৰ আৰম্ভণিতে মোৰ উত্তৰ নাছিল। মই নিজেও তেতিয়ালৈ বুজি পোৱা নাছিলো মই কিয় যাত্ৰা কৰি আছো। এটা চিন্তা আছিল যে মই দেশখনক চাব বিচাৰো, দেশৰ প্ৰতিটো কোণৰ জনতাৰ সৈতে মিলিত হ’ব খোজো। তেতিয়ালৈকে মই ইমানেই চিন্তা কৰিছিলো। কিন্তু এতিয়া মই দৃঢ়। যি কাৰণত ১০ বছৰ ধৰি মই গালি খালো, যাৰ সৈতে মোৰ ভালপোৱা, যাৰ বাবে মৰিবলৈ প্ৰস্তুত, যাৰ বাবে মই মোদীজীৰ কাৰাগাৰলৈ যাব পাৰো, সেই বিষয়টোকেই মই জানিব খুজিছিলো। যিয়ে মোৰ হৃদয়ক পোহৰাই ৰাখিছে সেই বিষয়টোক মই ভালকৈ জানিব খুজিছো। এসময়ত মোৰ এই বিষয়টো লৈ অহংকাৰো আছিল। কিন্তু ভাৰত জোড়ো যাত্ৰাই মোৰ এই অহংকাৰ শেষ কৰিলে। দুদিন তিনিদিন খোজকাঢ়ি মোৰ আঁঠুৰ বিষ হৈছিল। আগৰে পৰাই মোৰ এই বিষ আছিল। কিন্তু বিষ সামৰি মই ৰৈ যোৱা নাছিলো। অহংকাৰৰ সৈতে দেশক চাবলৈ ওলোৱা সেই ৰাহুলৰ অহংকাৰ লাহে লাহে টুটি আহিল। মোক সেই বিষৰ সৈতে মোকাবিলা কৰিবলৈ সহায়ৰ হাত একোখন আগবাঢ়ি আহিছিল। সেয়া কৰ পৰা কেনেকৈ আহিছিল মই কৈ বুজাব নোৱাৰো। সেই সহায় আহিছিল কোনো কৃষকৰ পৰা, সহায় আহিছিল কণমানি ভণ্টি এগৰাকীৰ পৰা। প্ৰথমে মই যাকেই লগ পাও মোৰ বক্তব্য শুনাইছিলো। কিন্তু লাহে লাহে মোৰ মাত বন্ধ হ’ল। মোৰ কেৱল শুনিবলৈকে মন যোৱা হ’ল। মই ভাৰত জোড়ো শব্দটোক মনেপ্ৰাণে অনুধাৱণ কৰি আগবাঢ়িছিলো।

যাত্ৰা চলি থাকিল। জনতাৰ মনৰ কথা শুনি শুনি মোৰ অহংকাৰ কমি গৈয়েই থাকিল। এই যাত্ৰাতেই হাজাৰ হাজাৰ কৃষকৰ সৈতে মই কথা পাতিছো। এজন এজনকৈ বহুকেইগৰাকী কৃষকক মই সুধিছিলো, আপোনালোকে কৃষক বীমা লাভ কৰিছেনে? তেওঁলোকে কৈছিল নাই পোৱা। মই সেই অসহায় কৃষকৰ ভোক অনুধাৱন কৰিছিলো। ৰাস্তাত যে খোজকাঢ়িছিলো বহু কোঢ়াল আছিল। কিন্তু সেই কোঢ়াল মই শুনা নাছিলো। মোৰ কাণত তেতিয়া কেৱল সেই কৃষকজনৰ ভাষ্য বাজি আছিল। তেতিয়াই মোৰ যাত্ৰাৰ লক্ষ্য আৰু দৃঢ় হৈছিল। কৃষকৰ দুখ মোৰ দুখ হৈ মনত ক্ৰিয়া কৰিবলৈ ধৰিলে। মানুহে কয়, দেশ এখন ভিন্ন ভাষাৰ সমাহাৰ, ভিন্ন ধৰ্মৰ সমাহাৰ, ভিন্ন জাতিৰ লোকৰ সমাহাৰ মোৰ মতে এই দেশেই এক শ্লোগান। এই দেশৰ জনতাৰ মুখত থকা শ্লোগান বুজিবলৈ আমি অহংকাৰ এৰিব লাগিব।

আমাৰ প্রধানমন্ত্ৰী আজিলৈকে মণিপুৰ নোযোৱাৰ কাৰণ হৈছে, তেওঁৰ মতে মণিপুৰ ভাৰতৰ অংশ নহয়। মণিপুৰ বুলি আজি ৰাজ্য যেন ইতিহাসত লিখিত এক শব্দ হৈ পৰিছে। মণিপুৰক মোদীজীয়ে ভাগ কৰি পেলালে। মণিপুৰৰ ৰিলিফ কেম্পত মই গৈছো। মণিপুৰৰ শিবিৰত থকা মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰিছো, শিশুৰ সৈতে মিলিত হৈছো। বহুতৰে সৈতেই মই কথা পাতিছো কিন্তু এটা উদাহৰণ মই দিব খুজিছো। কেম্পৰ এগৰাকী নাৰীক মই সুধিছিলো, বাইদেউ আপোনালোকৰ সৈতে কি হৈছে? তেতিয়া সেইগৰাকী নাৰীয়ে কৈছিল, মোৰ এটাই সন্তান আছিল। কিন্তু সেই সন্তানটোক মোৰ চকুৰ সন্মুখতে গুলিয়াই হত্যা কৰিলে। মই গোটেই নিশা সন্তানটোৰ মৃতদেহৰ সৈতে শুই থাকিলো। তাৰপিছতেই এটা ভয়ভাৱে মোৰ মনত ক্ৰিয়া কৰিলে। মই সন্তানৰ মৃতদেহ এৰি হাতত কাপোৰৰ টোপোলাটো লৈ পলাই আহিলো। এতিয়া মোৰ হাতত সন্তানৰ এই ফটোখনৰ বাদে একো নাই। আন এগৰাকী মহিলাৰ কথা মই ক’ব বিচাৰিম। সেইগৰাকী মহিলাকো মই সুধিছিলো, আপোনাৰ সৈতে কি হৈছিল? মোৰ প্ৰশ্ন শুনিয়েই মহিলাগৰাকীয়ে কঁপিবলৈ আৰম্ভ কৰিলে। কথা কোৱাৰ পূৰ্বেই তেঁও সংজ্ঞাহীন হৈ পৰিল। মণিপুৰত মোদীজীয়ে হিন্দুস্তানক হত্যা কৰিলে। তেওঁলোকে মণিপুৰত হিন্দুস্তানক হত্যা কৰি পেলালে। ভাৰত মাতাক আপোনালোকে মণিপুৰত হত্যা কৰিলে। মণিপুৰৰ জনতাক আপোনালোকে মাৰিছে। মোদীজী আপুনি দেশদ্ৰোহী, আপুনি দেশভক্ত হ’লে মণিপুৰত এই জাতিহিংসাক লৈ মাত মাতিলেহেতেন। মণিপুৰৰ জনতাৰ হৃদয়ত ঘৃণা আপোনালোকে বিয়পাইছে। আপোনালোক ভাৰত মাতাৰ ৰক্ষাকাৰী নহয়। আপোনালোক ভাৰত মাতাৰ হত্যাকাৰীহে। আপুনি মোৰ মাক হত্যা কৰিছে। মোৰ এগৰাকী মা ইয়াত বহি আছে মোৰ আনগৰাকী মাক আপুনি মণিপুৰত হত্যা কৰিছে। নৰেন্দ্ৰ মোদীজী আপুনি যদি হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ শুনিব নোৱাৰে তেন্তে কাৰ শব্দ শুনে। আপুনিতো কেৱল দুজন মানুহৰেই হৃদয়ৰ শব্দ শুনে। এগৰাকী আদানী আৰু আনগৰাকী অমিত শ্বাহ। ৰাৱণেও দুজনৰেই কথা শুনিছিল এজন হৈছে মেঘদূত আৰু আনগৰাকী কুম্ভকৰ্ণ। লংকা কেতিয়াও হনুমানে জ্বলোৱা নাছিল। ৰাৱনৰ অহংকাৰেই লংকা জ্বলাইছিল। ৰামে ৰাৱনক মৰা নাছিল। ৰাৱনক তেওঁৰ অহংকাৰেই মাৰিছিল। আপুনিও দেশত কেৰাচিন ছটিয়াই আছে। মণিপুৰতো কেৰচিন ছটিয়াই আপুনি জ্বলাই দিলে। এতিয়া হাৰিয়ানাত কেৰচিন ছটিয়াই জুই লগাই আছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?
ভাৰত

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

June 13, 2026
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো
বিনোদন

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

June 13, 2026
ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ
ভাৰত

ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ

June 13, 2026
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!
জীৱনশৈলী

ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

June 13, 2026
Next Post
মহিলা সাংসদক উদ্দেশ্যি অভৱ্য আচৰণ! নাম নোলোৱাকৈ ৰাহুলক টাৰ্গেট মন্ত্ৰী স্মৃতি ইৰাণীৰ, এই অভিযোগেই বিপদ আনিব নেকি সাংসদ ৰাহুলৰ?

মহিলা সাংসদক উদ্দেশ্যি অভৱ্য আচৰণ! নাম নোলোৱাকৈ ৰাহুলক টাৰ্গেট মন্ত্ৰী স্মৃতি ইৰাণীৰ, এই অভিযোগেই বিপদ আনিব নেকি সাংসদ ৰাহুলৰ?

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.