ৰাজধানী দিল্লীত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ প্ৰতিবাদৰ মাজতে চৰ্চালৈ আহিছে আন এক বিষয়। প্ৰতিবাদৰ বাবে সংসদৰ পৰা নিৰ্বাচন আয়োগলৈ সমদল উলিওৱাৰ সময়ত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। আনহাতে, কংগ্ৰেছৰ নেতৃত্বত হোৱা এই প্ৰতিবাদৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত বিৰোধী সাংসদসকলৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিষয়টোৱেও বিশেষ চৰ্চা লাভ কৰিছে।
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু আন বিৰোধী নেতাসকলে দিল্লীৰ কন’ট প্লেচৰ কেইবাখনো জনপ্ৰিয় ৰেষ্টুৰেণ্টত একেলগে আহাৰ গ্ৰহণ কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ উদ্যোগত অনুষ্ঠিত এই আহাৰ গ্ৰহণৰ কাৰ্যসূচীক বহুতে ‘দুপৰীয়াৰ আহাৰ কূটনীতি’ বুলিও অভিহিত কৰিছে।
SIR প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰি বিৰোধী সাংসদসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদন। এই কাৰ্যসূচীত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও সাংসদে অংশগ্ৰহণ কৰে। সংসদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ সমদল উলিওৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও আৰক্ষীৰ বাধা আৰু কটকটীয়া নিৰাপত্তাৰ বাবে প্ৰতিবাদী সমদলটোৱে পৰিকল্পনা অনুসৰি আগবাঢ়িব নোৱাৰিলে। কিন্তু ৰাজনৈতিক উত্তেজনাৰ মাজতে বিৰোধী সাংসদসকলৰ একেলগে আহাৰ গ্ৰহণৰ কাৰ্যসূচীয়ে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে।
‘সাগৰ ৰত্ন’ত ৰাহুল গান্ধীয়ে কি খালে?
‘ইণ্ডিয়া টুডে’ৰ এক প্ৰতিবেদন অনুসৰি, বুধবাৰে দিল্লীৰ জনপথৰ সমীপত অৱস্থিত জনপ্ৰিয় ৰেষ্টুৰেণ্ট ‘সাগৰ ৰত্ন’ত বিৰোধী সাংসদসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। এই সময়ত ৰাহুল গান্ধীয়ে পনীৰ বাটাৰ মছলা খাইছিল। অৱশ্যে তেওঁ বৰ কম পৰিমাণৰ খাদ্যহে গ্ৰহণ কৰিছিল বুলি ৰেষ্টুৰেণ্টখনৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়ে। কৰ্মচাৰীজনৰ মতে, ৰাহুল গান্ধীয়ে পনীৰ বাটাৰ মছলাৰ সৈতে মাত্ৰ আধা ৰুটিহে খাইছিল। আনহাতে, প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কেৱল আইচক্ৰীম খোৱা বুলি ৰেষ্টুৰেণ্টখনৰ এজন ৱেটাৰে প্ৰকাশ কৰে।
ম’য়েটছতো একেলগে আহাৰ গ্ৰহণ
‘সাগৰ ৰত্ন’ত আহাৰ গ্ৰহণৰ পিছদিনা, অৰ্থাৎ বৃহস্পতিবাৰেও বিৰোধী সাংসদসকলৰ মাজত একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এইবাৰ তেওঁলোকৰ গন্তব্যস্থান আছিল দিল্লীৰ কন’ট প্লেচত নতুনকৈ মুকলি হোৱা ‘ম’য়েটছ’ ৰেষ্টুৰেণ্ট। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু মল্লিকাৰ্জুন খৰ্গেকে ধৰি কেইবাগৰাকীও নেতাই এই আহাৰ গ্ৰহণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই মুহূৰ্তৰ এখন ফটো কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া একাউণ্টতো শ্বেয়াৰ কৰা হৈছিল। ম’য়েটছ দিল্লীৰ এখন পৰিচিত ৰেষ্টুৰেণ্ট। মোগলাই আৰু চীনা খাদ্যৰ বাবে বিশেষভাৱে জনপ্ৰিয় এই ৰেষ্টুৰেণ্টখনৰ ডিফেন্স কলনীত থকা শাখাটো বহুদিনৰ পৰাই চৰ্চিত। কিন্তু কন’ট প্লেচত নতুনকৈ মুকলি হোৱা শাখাটোৱে বিৰোধী সাংসদসকলৰ আগমনৰ পিছত বিশেষ চৰ্চা লাভ কৰে।
ম’য়েটছত কি কি খালে সাংসদসকলে?
‘ইণ্ডিয়া টুডে’ৰ প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে বিৰোধী সাংসদসকলৰ আহাৰ গ্ৰহণৰ কাৰ্যসূচী ৰেষ্টুৰেণ্টখনৰ বাবে এক বিশেষ অনুষ্ঠানৰ দৰে আছিল। ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰীসকলে জনোৱা মতে, পুৱা প্ৰায় ৯.৩০ বজাত তেওঁলোকৰ ওচৰলৈ এটা জৰুৰী বুকিঙৰ ফোন আহিছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়লৈকে ৰেষ্টুৰেণ্টখনৰ দুয়োটা মহলাত প্ৰায় ১০০গৰাকী ৰাজনীতিবিদ উপস্থিত হৈছিল। সেই সময়ত অঞ্চলটোত আৰক্ষীৰো কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছিল। সাংসদসকলৰ বাবে বিভিন্ন খাদ্য প্ৰস্তুত কৰা হৈছিল। তেওঁলোকে ব্যক্তিগতভাৱে খাদ্য অৰ্ডাৰ দিয়াৰ পৰিৱৰ্তে এটা নিৰ্দিষ্ট দলীয় আহাৰৰ পেকেজ বাছি লৈছিল। এই পেকেজত আছিল— বাদামৰ শ্বোৰ্বা, দহি ভল্লা, দাল মাখনী, বিভিন্ন ধৰণৰ ৰুটি, আইচক্ৰীম। প্ৰতিবেদন অনুসৰি, ম’য়েটছৰ এই বিশেষ আহাৰৰ পেকেজৰ মূল্য প্ৰতিগৰাকী ব্যক্তিৰ বাবে প্ৰায় ১,২৯৯ টকা। ইয়াৰ সৈতে অতিৰিক্ত কৰো যোগ হৈছিল। প্ৰায় দুইৰ পৰা তিনি ঘণ্টা সময় ৰেষ্টুৰেণ্টখনত কটাই সাংসদসকলে আহাৰ গ্ৰহণ কৰে।
দিল্লীত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ প্ৰতিবাদ চলি থকাৰ সময়তে এই আহাৰ গ্ৰহণৰ কাৰ্যসূচীয়ে বিশেষ চৰ্চা লাভ কৰিছে। একেৰাহে দুদিন ধৰি কন’ট প্লেচৰ দুখন জনপ্ৰিয় ৰেষ্টুৰেণ্টত বিৰোধী সাংসদসকলৰ একত্ৰিত হোৱা কাৰ্যসূচীক ৰাজনৈতিক মহলত ‘দুপৰীয়াৰ আহাৰ কূটনীতি’ বুলি কোৱা হৈছে। যদিও এই আহাৰ গ্ৰহণৰ মূল উদ্দেশ্য সম্পৰ্কে পৃথককৈ কোনো বিশদ তথ্য প্ৰকাশ পোৱা নাই, তথাপি একেলগে আহাৰ গ্ৰহণৰ জৰিয়তে বিৰোধী নেতাসকলৰ মাজত আলোচনা আৰু মত বিনিময়ৰ সুযোগ সৃষ্টি হোৱা বুলি ধাৰণা কৰিব পাৰি।
এই প্ৰৱন্ধটো যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















