অসম লাইভ২৪ঃ বলীউডৰ খ্যাতনামা অভিনেত্ৰী শিল্পা ছেট্টি আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে ইডিয়ে। মুঠ ৯৭ কোটি টকাৰ সম্পত্তি আছিল ৰাজ-শিল্পাৰ। বাংলোকে ধৰি তেওঁলোকৰ ইকুইটি শ্বেয়াৰো বাজেয়াপ্ত কৰিছে ইডিয়ে। বৃহস্পতিবাৰে পুৱাই এই ৰাজ-শিল্পাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে ইডিয়ে। মানি লণ্ডাৰিং গোচৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এই অভিযান চলাই সম্পত্তি বাজেয়াপ্ত কৰা বুলি বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰিছে।
ইডিয়ে শিল্পা চেট্টীৰ নামত থকা এটা ফ্লেট, পুনেৰ এটা বাংলো আৰু ইকুইটি শ্বেয়াৰ বাজেয়াপ্ত কৰিছে ইডিয়ে। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বিনিয়োগৰ বিনিময়ত ১০ শতাংশ মাহিলী ৰিটাৰ্ন দিয়াৰ লোভ দেখুৱাই বিটকয়েন কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে। ইডিয়ে দিয়া তথ্যমতে বৰ্তমান বিটকয়েন কেছৰ পৰা ১৫০ কোটি লাভ হৈছে ৰাজ কুন্দ্ৰাৰ।
বিটকয়েন কি?
বিটকয়েন হৈছে ভাৰ্ছুৱেল মুদ্ৰা। ইয়াৰ বৈশিষ্ট্য হ’ল যে যিকোনো লোকে বিশ্বৰ যিকোনো স্থানত অৰ্থ লেনদেন কৰিব পাৰে। বেংকৰ সহায় অবিহনেই এই লেনদেন কৰিব পাৰে। এই বিটকয়েন আৰম্ভ হৈছে ২০০৯ চনৰ পৰাই।
২০১৮ চনৰ আৰম্ভণিতে এনফৰ্ছমেণ্ট ডাইৰেক্টৰেটয়ে ২০০০ কোটি টকাৰ বিটকয়েন কেলেংকাৰীৰ গোচৰত ৰাজকুন্দ্ৰাক সোধপোছ কৰিছিল। ইডিৰ এগৰাকী অধিকাৰীয়ে এই সন্দৰ্ভত কয় যে ৰাজ কুন্দ্ৰাক থানাৰ ক্ৰাইম ব্ৰাঞ্চলৈ মাতি পূৰ্বে সোধপোছ কৰা হৈছিল। কিন্তু কোনো তথ্য লাভ কৰিব নোৱাৰি তেওঁক যাবলৈ দিয়া হয়। কিন্তু শেহতীয়াকৈ এইবাৰ তেওঁৰ সমস্ত সম্পত্তি বাজেয়াপ্ত কৰিছে ইডিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ