অসম লাইভ ২৪ঃ আজি অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সীমান্ত পথ সংস্থাৰ দ্বাৰা নিৰ্মিত ১২ টা সীমান্ত পথ উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অসম-অৰুনাচল সীমান্তত উদ্বোধন কৰিব নতুন পথ। সীমান্তৰ কিমিন আৰু পুটিন সংযোগী পথটোৱে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব। বৃহস্পতিবাৰে দিনৰ ১১.২০ বজাত লীলাবাৰী বিমান বন্দৰত উপস্থিত হ’ব ৰাজনাথ সিং। মন্ত্ৰী ৰণোজ পেগু আৰু সঞ্জয় কিষাণে বিমান বন্দৰৰ পৰা আদৰণি জনাব ৰাজনাথ সিঙক। লীলাবাৰী বিমানবন্দৰৰ পৰা বিশেষ হেলিকপ্টাৰেৰে ৰাওনা হৈ সীমান্তৱৰ্তী বিলগড় ITBPৰ হেলিপেডত অৱতৰণ কৰিব। তাতেই ১২ টাকৈ সীমান্ত পথ উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে। লগতে অসম-অৰুণাচল সীমান্তৰ ২ কিলোমিটাৰ পথ পৰিদৰ্শন কৰিব। উল্লেখ্য, কিমিন আৰু পুটিন সংযোগী পথটোৱে চীন সীমান্তলৈ জৰুৰীকালীন অৱস্থাত পৰোক্ষভাৱে হ’লেও সেনা তথা সা-সামগ্ৰী সৰবৰাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ