অসম লাইভ ২৪ঃ তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে বিশ্বৰ সন্ত্ৰাসবাদীৰ নতুন ঠিকনা হৈ পৰিল দেশখন৷ তালিবানৰ উত্থানত পাকিস্তানৰ সহযোগিতা এতিয়া লুকাই থকা নাই৷ পাকিস্তানৰ সেনা আৰু ISISৰ সহায়তেই তালিবানে আফগানিস্তান দখল কৰিবলৈ সক্ষম হোৱা বুলি বহু লোকে কয়৷ কিয়নো তালিবানে কাবুল দখল কৰাৰ পাছতে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল ‘তেহৰিক-ই-ইনচাফ’ (পিটিআই)য়ে আনন্দ উদযাপন কৰিছে৷ এতিয়া ইমৰান খানৰ দলৰে এগৰাকী নেতাই কাশ্মীৰক লৈ চাঞ্চল্যকৰ দাবী কৰিছে৷ পাকিস্তানী নেতা নীলম ইৰচাদ খানে কয় যে তালিবান পাকিস্তানৰ সৈতে৷ তালিবান আহি কাশ্মীৰ জয় কৰি পাকিস্তানৰ হাতত তুলি দিব৷ পাকিস্তানৰ ‘বোল’ টিভিৰ এক অনুষ্ঠানত নীলমে এই বিতৰ্কিত মন্তব্য কৰে৷ টিভি অনুষ্ঠানটোত নীলমে কয়— ‘ইমৰান খানৰ চৰকাৰ গঠন হোৱাৰ পাছত পাকিস্তানৰ সন্মান বাঢ়িছে, তালিবানে কৈছে তেওঁলোক আমাৰ সৈতে আছে, ইনশ্বাহ আল্লাহ তেওঁলোকেই আমাক কাশ্মীৰ জয় কৰি দিব৷’ টিভিৰ এংকৰগৰাকীয়ে সোধে যে তালিবানে আপোনাক কাশ্মীৰ দিব, এই কথা আপোনাক কোনে ক’লে? উত্তৰত নীলম ইৰচাদে কয়— ‘ভাৰতে আমাক বিভক্ত কৰিছে, আমি পুনৰ একত্ৰিত হ’ম৷ আমাৰ সেনাৰ শক্তি আছে, চৰকাৰৰ শক্তি আছে৷ তালিবানে আমাক সমৰ্থন কৰি আছে, কিয়নো তালিবানৰ ওপৰত হোৱা অত্যাচাৰৰ সময়ত তেওঁলোকক পাকিস্তানে সমৰ্থন কৰিছিল৷ এতিয়া তেওঁলোকে আমাক সমৰ্থন কৰিব৷’ বোল টিভিৰ অনুষ্ঠানত নীলমে আৰু কি কি কৈছিল, চাওক VIDEO
#PTI leader Neelam Irshad Sheikh: Taliban have announced that they will join hands with Pakistan to liberate Kashmir. pic.twitter.com/MfC7mQ6lLh
— SAMRI (@SAMRIReports) August 23, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ