অসম লাইভ ২৪ঃ সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আৰম্ভ হ’ল ৰাম মন্দিৰ নিৰ্মাণৰ কাম। ইতিমধ্যেই দেশৰ সকলো প্ৰান্তৰ ৰাইজে আগবঢ়াইছে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অৰিহণা। তেনে সময়তে পোহৰলৈ আহিছে এক দুষ্টচক্ৰ। ৰাম মন্দিৰ নিৰ্মাণত ধন সংগ্ৰহৰ বাবে এই দুষ্ট চক্ৰটোৱে নকল ৰচিদ চপাই ৰাইজৰ পৰা সংগ্ৰহ কৰিছে ধন। উত্তৰপ্ৰদেশৰ বুলন্দ চহৰৰ এই ঘটনা পোহৰলৈ আহে বৃহস্পতিবাৰে। RSSৰ কৰ্মী সৰ্বণ সিঙে বৃহস্পতিবাৰে আৰক্ষী থানাত এই সম্পৰ্কত ৰুজু কৰে এক গোচৰ। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই আটক কৰে ৩ অভিযুক্তক। এই ৩ অভিযুক্তৰ পৰা সংগ্ৰহ কৰে ভুৱা ৰচিদৰ লগতে প্ৰিণ্টাৰ মেচিন। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ