অসম লাইভ২৪ঃ ৰাম মন্দিৰৰ গৰ্ভগৃহত উপবিষ্ট শিশু ৰামৰ মূৰ্তি ইতিমধ্যে দেশবাসীয়ে দেখিলে। কৃষ্ণ বৰ্ণৰ ৰামৰ বাল্যকালৰ এই মূৰ্তি তৈয়াৰ কৰিছে মহীশূৰৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে। অৰুণ যোগীৰাজে নিৰ্মাণ কৰি উলিওৱা ৰামৰ মূৰ্তিত আছে হাঁহিৰ বিশেষ ৰেখ। ২২ জানুৱাৰী সোমবাৰে এই মন্দিৰৰ উদ্বোধন হ’ব। সমগ্ৰ দেশজুৰি এই উদ্বোধনী অনুষ্ঠানক লৈ উছাহৰ ঢৌ।
২২ জানুৱাৰীত ৰামৰ অভিষেক কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ মাহেন্দ্ৰক্ষণ হৈছে ৮৪ ছেকেণ্ড। ৮৪ ছেকেণ্ডৰ শুভ মুহূৰ্তৰ ভিতৰতেই সিংহাসনত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামৰ। কিন্তু ৮৪ ছেকেণ্ডৰ ভিতৰতেই কিয় প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগিব? সেই বিষয়েও প্ৰকাশ কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে।
ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ২২ জানুৱাৰী দিনটোৱেই কিয় বাচি লোৱা হ’ল সেই বিষয়েও বহুজনেই জানিবলৈ আগ্ৰহী। হিন্দু কেলেণ্ডাৰ অনুসৰি ২২ জানুৱাৰী পুহ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথি। নক্ষত্ৰ মৃগাশিৰা আৰু যোগ ব্ৰহ্মপুৱা ৮ বাজি ৪৭ মিনিট পৰ্যন্ত। ইয়াৰপাছতেই আৰম্ভ হ’ব ইন্দ্ৰ যোগ। জ্যোতিষীসকলৰ মতে ২২ জানুৱাৰী কৰ্ম দ্বাদশী। এই দ্বাদশী তিথি ভগৱান বিষ্ণুৰ নামত উৎসৰ্গা কৰা হৈছে। কথিত কাহিনী অনুসৰি এই দিনটোতেই ভগৱান কৃষ্ণই কচ্ছপৰ ৰূপ ধাৰণ কৰিছিল। ধৰ্মী. গ্ৰন্থ অনুসৰি, এই দিনটোত ভগৱান বিষ্ণুৱে কচ্ছপৰ অৱতাৰ গ্ৰহণ কৰিছিল। এই ৰূপ লৈ তেওঁ সমুদ্ৰ মন্থনতো সহায় কৰিছিল। ভগৱান ৰাম হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ। সেয়ে এই দিনটোক অত্যন্ত শুভ বুলি সেয়ে ধৰা হয়। এই দিনটো ৰাম মন্দিৰ উদ্বোধনৰ বাবে সেয়ে বাছি লোৱা হৈছে।
জ্যোতিষীসকলৰ মতে ২২ জানুৱাৰীত কেইবাটাও শুভ যোগ তৈয়াৰ হৈছে। এই দিনটোত তিনিটা শুভ যোগ গঠিত হৈছে। সেয়া হৈছে অভিজিৎ মুহূৰ্তা, সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু ৰবি যোগ। এই দিনটোক যিকোনো শুভ কাম কৰাৰ বাবে শুভ বুলি ধৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ