অসম লাইভ২৪ঃ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধন হৈছে। ২৩ জানুৱাৰীৰ পৰা সাধাৰণ ভক্তৰ বাবে খুলি দিয়া হৈছে মন্দিৰৰ দুৱাৰ। ২৩ তাৰিখৰ পৰা প্ৰতিদিনেই লাখ লাখ ভক্তই ভিৰ কৰিছে ৰাম মন্দিৰত। ভক্তৰ সুবিধাৰ্থে ৰামৰ দৰ্শনৰ সময়ো বঢ়াই দিয়া হৈছে। প্ৰতিদিনেই ১৪ঘণ্টা ৰামলালাৰ দৰ্শনৰ সুযোগ ভক্তক দিয়া হৈছে। অযোধ্যাত ৰাম মন্দিৰত পাঁচ বছৰীয়া শিশু ৰামক পূজা কৰা হয়? তেওঁৰ নাম দিয়া হৈছে বালক ৰাম। বাল্যকালৰ ৰামক কল্পনা কৰিয়েই তৈয়াৰ কৰা হৈছে বিগ্ৰহ।
এজন শিশুক টোপনিৰ পৰা উঠাই টোপনি অনাৰ পৰা টোপনি অনালৈকে সকলোবোৰ নিয়ম অনুসৰণ কৰি ৰামলালাৰ পূজা কৰা হয়। ইমানদিনে মন্দিৰ খোলা ৰখাৰ বাবে ৰামলালাৰ বিশ্ৰাম মুঠেও হোৱা নাই বুলি ব্যক্ত কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টৰ সচিব তথা বিশ্ব হিন্দু পৰিষদৰ ভাইছ প্ৰেছিডেণ্ট চম্পত ৰায়ে। তেওঁ কয়, শাস্ত্ৰমতে ভগৱানৰ পুজাৰ পাছতেই তেওঁক কিছু বিশ্ৰাম দিয়াটো খুবেই প্ৰয়োজন। যিহেতু ৰাম মন্দিৰত শিশু ৰামৰ পূজা কৰা হয় গতিকে এটি শিশুক যিমান বিশ্ৰাম দিব লাগে সেই হিচাপেই শিশু ৰামক বিশ্ৰাম দিয়াৰ প্ৰয়োজন আছে। কিন্তু অতিৰিক্ত ভিৰৰ বাবেই বেছিসময় মন্দিৰ খোলা ৰাখিব লগা হৈছে। এটা শিশুৰ পক্ষে ১৪ঘণ্টা সাৰে থকাটো খুবেই কষ্টকৰ। শিশুৰূপী ভগৱানক ১৪ঘণ্টা সাৰে ৰাখি মঙ্গল সাধনো সম্ভৱ নহয়।
উল্লেখ্য যে, বৰ্তমানলৈকে ৰাম মন্দিৰ সম্পূৰ্ণকৈ নিৰ্মাণ হৈ উঠা নাই। আশা কৰা হৈছে যে ২০২৫ চনৰ শেষ পৰ্যন্ত মন্দিৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব। ৰাম মন্দিৰ উদ্বোধনৰ কথা মূৰত ৰাখিয়েই কিছুদিনৰ বাবে মন্দিৰৰ নিৰ্মাণৰ কাম স্থগিত ৰখা হৈছিল। সেই কাম আকৌ আৰম্ভ হ’ব। নিৰ্মাণৰ কাম চলিলেও ভক্তসকলৰ বাবে মন্দিৰ দৰ্শনত কোনো বাধা নাহে বুলিও স্পষ্টকৈ জনাই দিছে মন্দিৰ ট্ৰাষ্টে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ