অসম লাইভ ২৪ঃ উন্মোচিত হ’ল বলীউডৰ আন এক গোপন ৰহস্য৷ পুনৰ বিতৰ্কত অভিনেতা ৰণবীৰ সিং৷ বৰ্তমান বলীউডৰ সফল অভিনেতা ৰণবীৰ সিঙে টকাৰ বিনিময়ত লাভ কৰিছিল অভিনয়ৰ সুযোগ৷ এই কথা উন্মোচিত কৰিলে অভিনেতা তথা স্ব-ঘোষিত ছবি সমালোচক কমল আৰ খানে৷ ‘বাবলি অ’ৰ বন্টি ২’ ছবিৰ সমালোচনাৰ সময়ত ৰণবীৰৰ প্ৰসংগ আনে ছবি সমালোচকগৰাকীয়ে৷ টকাৰ বিনিময়ত ৰণবীৰক অভিনয়ৰ সুযোগ দিছিল যশৰাজ ফিল্মচে৷ ২০১০ চনত ‘ব্যেণ্ড বাজা বাৰাত’ ছবিৰ জৰিয়তে বলীউডত সুযোগ পাইছিল ৰণবীৰে৷ কিন্তু প্ৰতিভাৰ বাবে নহয়, ধন বিনিময়তহে লাভ কৰিছিল এই সুযোগ৷ ৰণবীৰ সিঙৰ কেৰিয়াৰক লৈ কৰা এই বিতৰ্কিত মন্তব্য এইয়াই প্ৰথম নহয়, পূৰ্বেও বহুবাৰ সংবাদ শিৰোনাম দখল কৰিছে কমল আৰ খানে৷ কিছু মাহ পূৰ্বে ছলমান খানৰ বিৰুদ্ধেও বিতৰ্কিত মন্তব্য কৰিছিল অভিনেতাগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ