স্ত্ৰীৰ সৈতে বিচ্ছেদক লৈ মুখ খুলিছে বাদশ্বাহে৷ জেছমিন মেছিহৰ সৈতে বৈবাহিক জীৱন ভালেই কটাইছিল৷ জেছেমি গ্ৰেছ মেছিহ সিং নামৰ এগৰাকী কন্যা সন্তানো আছে বাদশ্বাহ আৰু জেছমিনৰ৷ জেছমিন আৰু বাদশ্বাহে ৪বছৰ পূৰ্বে বিচ্ছেদৰ সিদ্ধান্ত লৈছে৷ কিন্তু বিচ্ছেদৰ প্ৰসংগত ইমানদিনে কোনো এজনেও মুখ খোলা নাছিল৷ অৱশেষত বিচ্ছেদৰ কথাবোৰ বৰকৈ চৰ্চা হৈ থকাৰ বাবে স্পষ্টকৈ সকলোবোৰ জনাইছে বাদশ্বাহে৷
এক সাক্ষাৎকাৰত বাদশ্বাহে কৈছে, জেছমিন আৰু বাদশ্বাহ দুজনেই আপ্ৰাণ চেষ্টা কৰিছিল যদিও কোনোধৰণে নিজৰ বিবাহক ৰক্ষা কৰিব নোৱাৰিলে৷ দুয়োৰে দাম্পত্য জীৱন প্ৰতিনিয়ত অস্বাস্থ্যকৰ হৈ উঠিছিল৷ যাৰ প্ৰভাৱ পৰিছিল নিজৰ সন্তানৰ ওপৰত৷ চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাছিল যুঁটিটোৱে৷ কোনোধৰণেই সম্পৰ্কটো ৰক্ষা কৰিব নোৱাৰাত অৱশেষত বিচ্ছেদ লয় দুয়োৱে৷ এই প্ৰসংগত বাদশ্বাহে কয়, ‘আমি আমাৰ সকলো দিছিলো৷ যথাসাধ্য চেষ্টা কৰাৰ পাছতো আমি এই সম্পৰ্কক ঠিক কৰিব নোৱাৰিলো৷ সেয়ে সন্তানৰ কথা ভাৱিয়েই আমি বিচ্ছেদৰ সিদ্ধান্তই সঠিক হ’ব বুলি ভাৱিলো৷’
বিচ্ছেদৰ পাছত কন্যাৰ সৈতে সাক্ষাৎ কৰেনে বাদশ্বাহে? বাদশ্বাহে এই সন্দৰ্ভত কয়, ‘সন্তানৰ সৈতে দেখা নিশ্চয় হয়৷ কিন্তু খুব বেছি দেখা হোৱাৰ সুযোগ নাথাকে৷ কাৰণ তাই মাকৰ সৈতে লণ্ডনত থাকে৷’ বলীউডৰ পৰা আন্তৰ্জাতিক স্তৰত নিজকে প্ৰতিষ্ঠা কৰিলেও সাংসৰিক জীৱন মুঠেও সুখৰ নহ’ল বাদশ্বাহৰ৷ বাদশ্বাহৰ কনছাৰ্টলৈকো জীয়েক মাজে মাজে যায় বুলিও জনাইছে বাদশ্বাহে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘তাই মোৰ গীততকৈ পপ সংগীত শুনিহে ভালপায়৷ এগৰাকী সংগীতশিল্পী হৈ নিজৰ সন্তানৰ বাবে অন্য সংগীতশিল্পীৰ পণ্য ক্ৰয় কৰাটো মোৰ বাবে খুব বেদনাদায়ক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ