বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বিপৰীতমুখী গমন কৰিব বৃহস্পতি গ্ৰহই৷ দেৱগুৰু বৃহস্পতিৰ এই স্থান পৰিবৰ্তনৰ প্ৰভাৱ পৰিব ১২ ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷ বৃহস্পতিৰ বিপৰীতমুখী গমনত কোন কোন ৰাশিৰ জাতকৰ কঁপাল খোল খাব?দেৱগুৰুক জ্ঞান, শিক্ষা, সন্তান আৰু বিবাহৰ কাৰক বুলি ধাৰণা কৰা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি যি ৰাশিৰ জাতক জাতিকাৰ বৃহস্পতি শক্তিশালী তেওঁলোকৰ কৰ্মজীৱন আৰু পাৰিবাৰিক জীৱনত সাফল্য পাব৷ মঙলবাৰ ৪ ফেব্ৰুৱাৰীত বৃষ ৰাশিত প্ৰৱেশ কৰিব দেৱগুৰু বৃহস্পতিয়ে৷ ২ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী আৰু সৰস্বতী পুজা৷ সৰস্বতী পূজাৰ মাত্ৰ দুই দিন পাছতেই বৃহস্পতিৰ এই বিপৰীতমুখী গতি অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব৷ ৩ ৰাশিৰ জাতক জাতিকা বিশেষভাৱে লাভৱান হ’ব৷
বৃষ ৰাশি
বৃষ ৰাশিতেই প্ৰৱেশ কৰিব বৃহস্পতিয়ে৷ ফলত এই ৰাশিৰ জাতক জাতিকালৈ ভাল সময় আহিব৷ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বাঢ়িব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব৷ শিক্ষাৰ্থীয়ে পঢ়াশুনাত বেছি মনোযোগী হ’ব৷ সুচিন্তিত পৰিকল্পনাত কাম কৰিলে সফল হোৱাৰ প্ৰৱল সম্ভাৱনা৷ পত্নীৰ সৈতে ভাল সময় কটাব৷ প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব৷
সিংহ ৰাশি
বৃহস্পতিৰ গমনত শুভ সময় আহিব সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনত৷ ব্যৱসায়ীয়ে ভাল লাভ কৰিব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত নতুন পথ খুলিব৷ চাকৰিয়ালত পদোন্নতিৰ সুযোগ থাকিব৷ পিতৃৰ সৈতে সম্পৰ্ক ভালে থাকিব৷ সিংহ ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷ হাতলৈ প্ৰচুৰ অৰ্থ আহিব৷ ব্যৱসায়ীসকলৰ বিশেষ লাভৰ সম্ভাৱনা আছে৷ অযথা ব্যয় নিয়ন্ত্ৰণ কৰা যাব৷ নতুন কাম কৰিব পাৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবেও অনুকবল সময় আহিব৷ আয়ত অভূতপূৰ্ব বৃদ্ধি ঘটিব পাৰে৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলে উচ্চশিক্ষাত সাফল্য পাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰিবলৈ সক্ষম হ’ব৷ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব৷ ব্যৱসায়ীৰ লাভৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ