৮ বছৰৰ অভিলেখ ভংগ, এইবাৰ আটাইতকৈ উষ্ণ গণৰাজ্য দিৱস
বিগত আঠ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে দেওবাৰে ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ বতৰ আটাইতকৈ গৰম দিন হিচাপে পৰিগণিত হয়। কালিৰ দিনটোত সৰ্বোচ্চ উষ্ণতা আছিল ২৩.৭ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ দুই ডিগ্ৰী উচ্চ।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ইয়াৰ পূৰ্বে ২০১৭ চনৰ ২৬ জানুৱাৰীত ৰাজধানীত সৰ্বোচ্চ তাপমাত্ৰা ২৬.১ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। যোৱা কেইবছৰমানৰ পৰা ২৬ জানুৱাৰীত দিল্লীৰ উষ্ণতাৰ যথেষ্ট উঠা-নমা হোৱা দেখা গৈছে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১৯৯১ চনৰ পৰা এই দিনটোৰ সৰ্বোচ্চ দীৰ্ঘম্যাদী গড় (LPA) ২২.১ ডিগ্ৰী চেলছিয়াছ যদিও শেহতীয়া বছৰবোৰত তাপমাত্ৰা শীতল হৈ পৰিছে। ২০২৪ চনত ২০.৬ ডিগ্ৰী চেলছিয়াছ, ২০২৩ চনত ১৭.৩ ডিগ্ৰী চেলছিয়াছ আৰু ২০২২ চনত ১৬.৪ ডিগ্ৰী চেলছিয়াছ আছিল।
দেওবাৰে দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ৭.২ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ এক ডিগ্ৰী কম। ইয়াৰ পূৰ্বে শনিবাৰে সৰ্বনিম্ন তাপমাত্ৰা ৮.৬ ডিগ্ৰী চেলছিয়াছ আৰু শুকুৰবাৰে ৯.৮ ডিগ্ৰী চেলছিয়াছ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ