বৈদিক জ্যোতিষত মঙলক সেনাপতি গ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহ সাহস, বীৰত্ব, আত্মবিশ্বাস আৰু আক্ৰমণাত্মক মনোভাৱৰ সৈতে যুক্ত৷ মঙ্গলে এক ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ বৰ্তমান ৰঙা গ্ৰহ মঙ্গলে অৱস্থান কৰিছে মিথুন ৰাশিত৷ ৩ এপ্ৰিল মঙ্গলবাৰে মিথুন এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ ২০ অক্টোবৰ ২০২৪ত মঙ্গলে কৰ্কটলৈ আহিছিল৷ কিন্তু ডিচেম্বৰত মঙ্গলৰ বক্ৰীদশা আৰম্ভ হব৷ বিপৰীত চলনত মঙ্গলে এই বছৰৰ জানুৱাৰী মাহত আকৌ মিথুনলৈ উভতি আহে৷ এইবাৰ সেনাপতি গ্ৰহ মঙ্গলে মাৰ্গী দশাত উভতি আগন্তুক ৩ এপ্ৰিলৰ নিশা ১ বাজি ৩২ মিনিটত কৰ্কট ৰাশিত গোচৰ কৰিব৷ মঙ্গলৰ এই গোচৰ চাৰি ৰাশিৰ জাতকৰ বাবে দুৰ্দান্ত সময় আহিব৷ জানি থওক তালিকাত কোন কোন আছে?
মিথুন ৰাশি
মিথুন ৰাশিত দ্বিতীয় ঘৰত গোচৰ কৰিব মঙ্গলে৷ ইয়াৰ প্ৰভাৱত এপ্ৰিলৰ পৰা সম্পদ বৃদ্ধি হব মিথুন ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত বৃহৎ আৰ্থিক লাভ হব আপোনাৰ৷ উপাৰ্জন বাঢ়িব৷ সঞ্চয়ৰ পৰিমাণো বাঢ়িব৷ আয় বঢ়াৰ ফলত অকাৰণে খৰচৰ প্ৰতিও আকৰ্ষণ বাঢ়িব৷ ব্যয় নিয়ন্ত্ৰণত ৰখা জৰুৰী৷ অফিচত প্ৰমোছন পাব পাৰে৷
কন্যা ৰাশি
আগন্তুক মাহত কন্যা ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব মঙ্গলেষ এই পৰিস্থিতিত বন্ধুৰ পৰা দৰকাৰী সাহায্য পাব মিথুন ৰাশিৰ জাতকে৷ মোটা টকা উপাৰ্জন কৰিব৷ ব্যৱসায়ীয়ে এই সময়ত ডাঙৰ মুনাফা লাভ কৰিব৷ আপুনি নিজৰ প্ৰতিদ্বন্দীক হৰুৱাই জয়ী হব৷ নিৰাপত্তা ক্ষেত্ৰত কৰ্মৰতসকলে ডাঙৰ উন্নতি কৰাৰ যোগ আছে৷
বৃশ্চিক ৰাশি
এপ্ৰিলত বৃশ্চিক ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব মঙ্গলে৷ ৰঙা গ্ৰহৰ প্ৰভাৱত ধাৰ্মিক বিষয়ত আগ্ৰহ বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ মনত পজিটিভ চিন্তাভাৱনাই কাম কৰিব৷ নিজৰ সকলো কাম আৰু ভালকৈ কৰিব পাৰিব আপুনি৷ স্বাস্থ্যক লৈ সচেতন থকাটো জৰুৰী৷ শৰীৰ বেয়া হব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ ষষ্ঠ ঘৰত গোচৰ কৰিব মঙ্গলে৷ মঙ্গলৰ শুভ প্ৰভাৱত আগন্তুক মাহত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ সন্মুখত সমস্যা আহিলেও দূৰ হব৷ পুৰণি অসুখৰ পৰা মুক্তি পাব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হব৷ নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ