কাইলৈ ১৮ নৱেম্বৰ ২০২৪ সোমবাৰে চন্দ্ৰই দিনজুৰি মিথুন ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ কৃষ্ণা তৃতীয়া তিথি৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে বৃশ্চিক ৰাশিত৷ কাইলৈ সন্ধিয়া ৬ বাজি ৫৫ মিনিট পৰ্যন্ত তৃতীয়া আছে৷ তাৰপাছতেই কৃষ্ণা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু সাধ্য যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনজুৰি থাকিব প্ৰথমে মৃগশিৰা আৰু তাৰপাছতেই আৰ্দ্ৰা নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত সোমবাৰ হৈছে মহাদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ দিনটো অত্যন্ত লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ৷ আপোনাৰ মন কাইলৈ পজিটিভ চিন্তাৰে পৰিপূৰ্ণ হৈ থাকিব৷ নতুন কোনো কাম আৰম্ভ কৰিব পাৰে৷ নিজৰ চিন্তা আৰু কামেৰে বৃহৎ সাফল্য লাভ কৰাৰ যোগ আছে৷ উপাৰ্জন কাইলৈ বহু পৰিমানে বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ কেৰিয়াৰতো কাইলৈ বিশেষ উন্নতি কৰাৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
কাইলৈ দিনটো বেছ লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ পেছাগত জীৱনত বিশেষ সাফল্য অৰ্জন কৰিব পাৰিব৷ কাইলৈ শ্ৰী বিষ্ণুৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ ইচ্ছাশক্তিৰ জোৰত কাইলৈ বহু চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব৷ পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত বেলেন্স বৰ্তি থাকিব সিংহ ৰাশিৰ জাতকৰ৷
তুলা ৰাশি
১৮ নৱেম্বৰৰ দিনটো সাফল্যৰে ভৰা হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ তুলাৰ জাতক ব্যৱসায়ীয়ে কাইলৈ মোটা টকা লাভ কৰিব পাৰিব৷ সাধ্য যোগৰ প্ৰভাৱত কাইলৈ নিজৰ ভৱিষ্যতক সুৰক্ষিত কৰিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ কাৰ্যালয়ত সহকৰ্মী আৰু বছৰ সৈতে সম্পৰ্ক বেছ ভাল থাকিব তুলা ৰাশিৰ জাতকৰ৷
বৃশ্চিক ৰাশি
সিদ্ধিযোগত ধন লাভ হোৱাৰ সম্ভাৱনা আছে বৃশ্চিক ৰাশিৰ জাতকৰ৷ কাইলৈ স্থাবৰ আৰু অস্থাবৰ সম্পত্তি লাভ কৰাৰ যোগ আছে৷ কৈ থকা টকা কাইলৈ মহাদেৱৰ আশীৰ্বাদ পাব বৃশ্চিক ৰাশিৰ জাতকে৷ আত্মীয়ৰ পৰা কাইলৈ কোনো সুখবৰ পাব আপুনি৷ নিজৰ কেৰিয়াৰ সংক্ৰান্তীয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে আপুনি৷ কাইলৈ কোনো ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
কুম্ভ ৰাশি
কাইলৈ সাধ্য যোগৰ শুভ প্ৰভাৱ পাব কুম্ভ ৰাশিৰ জাতকে৷ কাইলৈ হঠাৎ বেছ কিছু টকা আপোনাৰ হাতত আহিব৷ উত্তৰাধিকাৰ সূত্ৰে কাইলৈ সম্পত্তি লাভ কৰিব৷ কাৰ্যালয়ত কোনো সুখবৰ পাব পাৰে আপুনি৷ পুৰণি কোনো অসুখ থাকিলে কাইলৈ আপোনাৰ শৰীৰ বহুপৰিমানে ভাল হ’ব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে কাইলৈ বিশেষ কোনো কামৰ দায়িত্ব আৰু পদ লাভ কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ