আগন্তুক মাহত তুলা ৰাশিত গোচৰ কৰিব শুক্ৰই৷ তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ নিজেই৷ ২ নৱেম্বৰত শুক্ৰই তুলা ৰাশিত গমন কৰিব৷ নিজৰ ৰাশিত শুক্ৰৰ অৱস্থানৰ ফলত গঠিত হ’ব মালব্য ৰাজযোগ৷ ২৬ নৱেম্বৰ পৰ্যন্ত এই ৰাজযোগ থাকিব৷ জ্যোতিষ অনুসৰি পঞ্চ মহাপুৰুষ ৰাজযোগৰ অন্যতম হৈছে মালব্য ৰাজযোগ৷ ইয়াৰ প্ৰভাৱ আগন্তুক মাহত দুৰ্দান্ত উন্নতি কৰিব পাৰিব তিনি ৰাশিৰ জাতকে৷ ২ মাহৰ ভিতৰত চাকৰি পাব এওঁলোকে৷ জানি থওক এই তালিকাত কোন কোন আছে?
তুলা ৰাশিত মালব্য ৰাজযোগৰ সুফল
শুক্ৰৰ গোচৰৰ ফলত তুলা ৰাশিতেই গঠিত হ’ব মালব্য ৰাজযোগ৷ এই ৰাজযোগৰ সম্পূৰ্ণ সুফল পাব তুলা ৰাশিৰ জাতকে৷ নৱেম্বৰত নতুন চাকৰি পাব পাৰে৷ সম্পদ লাভ কৰিব৷ ব্যক্তিত্বৰ বিকাশ ঘটিব তুলা ৰাশিৰ জাতকৰ৷ যিসকল চিংগল তেওঁলোকে নতুন সম্পৰ্কত সোমাই পৰিব পাৰে৷
ধনু ৰাশিত মালব্য ৰাজযোগৰ সুফল
নৱেম্বৰত মালব্য ৰাজযোগ লাভজনক হব ধনু ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত চকুত লগা উন্নতি কৰিব পাৰিব৷ নতুন উপাৰ্জনৰ পথ মুকলি হব৷ হঠাৎ অৰ্থলাভৰ যোগ আছে৷ শ্বেয়াৰ মাৰ্কেটৰ পৰাও মুনাফা লাভ কৰিব৷ পাবলগীয়া ধন লাভ কৰিব৷ কোনো সুখবৰ পাব পাৰে৷
মকৰ ৰাশিত মালব্য ৰাজযোগৰ সুফল
মকৰ ৰাশিৰ জাতকৰ বাবেও লাভজনক হ’ব মালব্য ৰাজযোগ৷ অফিচত পদোন্নতি কৰিব পাৰে৷ নতুন পদ আৰু কামৰ দায়িত্ব লাভৰ যোগ আছে৷ ব্যৱসায়ীসকলেও আগন্তুক মাহত উন্নতি কৰিব৷ হঠাৎ অৰ্থলাভ কৰিব পাৰে৷ আপোনাৰ কামত সকলোৰে প্ৰশংসা পাব৷ ব্যক্তিত্ব আৰু আকৰ্ষণীয় হ’ব৷ এই সময় আনন্দেৰে কটাব তুলা ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















