ৰথযাত্ৰাৰ ৭টা দিন পুৰী মন্দিৰত ভিৰ কৰে অগণন ভক্তই। দেশৰ বিভিন্ন প্ৰান্ততেই ৰথযাত্ৰা মানি আহিছে কৃষ্ণভক্তসকলে। হিন্দুসকলৰ বিশ্বাস যে, প্ৰভুৰ এই যাত্ৰাত অংশ ল’লে মোক্ষ লাভ কৰিব পাৰি। এই ৰথযাত্ৰাত বিশ্বৰ একমাত্ৰ পুজা য’ত শ্ৰী কৃষ্ণই তেওঁৰ পত্নী ৰুক্মিনী বা প্ৰেয়সী ৰাধাৰ সৈতে একেলগে নাথাকে। যুগ যুগ ধৰি ৰথযাত্ৰাত জগন্নাথৰ সৈতে সুভদ্ৰা আৰু বলৰামহে থাকে। এই যাত্ৰাত কিয় শ্ৰী কৃষ্ণৰ সৈতে ৰুক্মিনী বা ৰাধা নাথাকে সেই সম্পৰ্কে কিন্তু বহুতেই নাজানে। ইয়াৰ আঁৰত আছে পৌৰাণিক এক কাহিনী।
টোপনিত ৰাধাৰ নাম লৈছিল শ্ৰী কৃষ্ণই তাৰপিছত?
এই সম্পৰ্কে জড়িত হৈ আছে জনপ্ৰিয় এটা কাহিনী। ভগৱান শ্ৰী কৃষ্ণই এবাৰ বিশ্ৰাম লৈ থাকোতে তেওঁৰ কাষত বহি আছিল পত্নী ৰুক্মিনী। ৰাণী ৰুক্মিনী কাষত বহি থকাৰ সময়তে শ্ৰী কৃষ্ণই টোপনিতে ৰাধাৰ নাম লয়। সেই শব্দ ৰুক্মিনীয়ে শুনে। স্বাভাৱিকভাৱেই অইন নাৰীৰ দৰেই তেওঁৰো খঙে চুলিৰ আগ পায়গৈ। ৰুক্মিনীয়ে ভাৱে যে তেওঁৰ মাজত এনে কি নাই যি ৰাধাৰ মাজত আছে! তেওঁ দিনে নিশাই কাষত থকাৰ পাছতো শ্ৰী কৃষ্ণৰ মন মগজুত কিয় তেওঁৰেই নাম?
শ্ৰী কৃষ্ণ আৰু বলৰামে মাতৃৰ আদেশ মানি আহিছিল
ৰুক্মিনীয়ে এই সমগ্ৰ ঘটনা অন্য ৰাণীসকলৰ আগত প্ৰকাশ কৰে। ৰুক্মিনীৰ এই দুখৰ কথা শুনাৰ পাছত সকলোৱে মিলি সিদ্ধান্ত লয় যে তেঁঁওলোকে এই বিষয়টো বলৰাম আৰু সুভদ্ৰাৰ মাতৃ ৰোহিনীক এই কথা জনাব। ভৱামতেই সকলো কথা তেওঁলোকে বলৰামৰ মাতৃক কয়। এই কথা শুনাৰ পাছতেই বলৰামৰ মাতৃ ৰোহিনীয়ে কয় যে তেওঁলোকে এই বিষয়ে কৃষ্ণৰ সৈতে তেওঁ আলোচনাত মিলিত হ’ব।
সুভদ্ৰাক কিয় শ্ৰী কৃষ্ণৰ ৰখীয়া কৰা হয়?
মাতৃ ৰোহিনীয়ে সিদ্ধান্ত লয় যে সুভদ্ৰাক তেওঁ শ্ৰী কৃষ্ণক পহৰা কৰিবলৈ পঠিয়াব। ৰাধা আৰু কৃষ্ণৰ কাহিনীৰ বৰ্ণনা ৰোহিনীয়ে সুভদ্ৰাৰ আগতো দিয়ে। মাতৃয়ে সুভদ্ৰাক এই কাহিনী কৈ থাকোতেই হঠাতে শ্ৰী কৃষ্ণ আৰু বলৰাম ঘৰৰ দিশে অহা সুভদ্ৰাই দেখা পায়। মাতৃয়ে কিন্তু সিঁহত অহাৰ কথা গম পোৱা নাছিল। শ্ৰী কৃষ্ণই মাতৃৰ কথা সম্পূৰ্ণৰূপে শুনা পায়। শ্ৰী কৃষ্ণই মাতৃৰ কথা শুনাৰ পাছতেই তেওঁৰ শৰীৰ লাহে লাহে গলিবলৈ ধৰে। অদ্ভুত এই কাণ্ড দেখা পায় মাতৃও সচকিত হৈ পৰে!
নাৰদক সহায় বিচাৰে মাতৃয়ে
শ্ৰী কৃষ্ণৰ অদ্ভুতৰূপ দেখি নাৰদো বিস্মিত হৈ পৰে। তেওঁ লগে লগেই প্ৰাৰ্থনা কৰে যে শ্ৰী কৃষ্ণৰ সমূহ ভক্তই যেন শ্ৰী কৃষ্ণৰ এই ৰূপো দেখা পায়। অৰ্ধৰূপত শ্ৰী কৃষ্ণ যাতে সকলো ভক্তৰ সন্মুখত ধৰা দিয়ে। নাৰদৰ আৱেদনৰ প্ৰতি সন্মান জনায় ৰথযাত্ৰাৰ সময়ত তেওঁ ভক্তৰ ওচৰত আবিৰ্ভাৱ হয়। শ্ৰী কৃষ্ণৰ এই ৰূপকেই জগন্নাথ বুলিও কোৱা হয়।
ৰাধা আৰু ৰুক্মিনী কিয় নাই লগত?
শ্ৰী কৃষ্ণই হঠাতেই এই ৰূপত ভক্তৰ সন্মুখত ধৰা দিয়াৰ বাবেই তেওঁৰ কাষত ৰাধা বা ৰুক্মিনী কোনো নাছিল। অৰ্ধৰূপ লোৱাৰ সময়ছোৱাত শ্ৰী কৃষ্ণৰ কাষত কেৱল মাতৃ আৰু ভগ্নী সুভদ্ৰাহে আছিল। সেয়েহে জগন্নাথৰ মূৰ্তি কোনো মন্দিৰতেই সম্পূৰ্ণকৈ নাই। অৰ্ধ মূৰ্তিতেই জগন্নাথৰ উপাসনা কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ