অসমৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ আহিছে ডাঙৰ খবৰ। অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS) ৰ অধীনত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে জুন ২০২৬ মাহৰ পৰা অনিৰ্দিষ্টকাললৈ দাইল, চেনি আৰু নিমখ লাভ নকৰিব। ১ জুনৰ পৰা হিতাধিকাৰীৰ বাবে বন্ধ থাকিব এই ৩বিধ সামগ্ৰীৰ যোগান।
এতিয়াৰে পৰা ৰেচনৰ ৭০লাখ হিতাধিকাৰীয়ে বৰ্ধিত মূল্যতে ক্ৰয় কৰিব লাগিব এই সামগ্ৰী। চুক্তি শেষ হোৱাৰ বাবে জুন মাহত নাপাব পাৰে এই সামগ্ৰী। দুদিন পাছতেই এই তিনিবিধ সামগ্ৰী বন্ধৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। সুলভ মূল্যৰ দোকান সমূহত এই তিনিবিধ সামগ্ৰী উপলব্ধ নহ’ব।
চৰকাৰৰ পূৰ্বৰ বাজেট অনুসৰি কেৱল মে’ মাহলৈকেহে এই সামগ্ৰীসমূহৰ বাবে অনুদান আছিল। ৰাজ্য চৰকাৰে নতুন বাজেট দাখিল নকৰা পৰ্যন্ত হিতাধিকাৰীসকলে এই অতিৰিক্ত সামগ্ৰীসমূহ লাভ নকৰিব। ৰাজ্য চৰকাৰে চাউলৰ লগতে এই তিনিবিধ সামগ্ৰী প্ৰদানৰ কথা পূৰ্বে ঘোষণা কৰিছিল।
উল্লেখ্য যে, মাত্ৰ ৭ মাহৰ বাবে এই ৩ সামগ্ৰী প্ৰদানৰ আছিল চুক্তি। তথ্যনুসৰি, জুন মাহৰ পাছত পুনৰ এই ৩ বিধ সামগ্ৰী প্ৰদান ৰাখিব বাহাল। চুক্তি শেষ হোৱাৰ বাবে জুন মাহত নাপাব পাৰে এই সামগ্ৰী। আঁচনিখন আপডেট হোৱাৰ পিছত পুনৰ পাব সামগ্ৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













