ৰবিচন্দ্ৰন অশ্বিনৰ ৫টা মহাভিলেখ, যিটো ভংগ কৰা অতিকে কঠিন
গবা টেষ্টৰ অন্তত ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে টিম ইণ্ডিয়াৰ প্ৰবীণ স্পিনাৰ আৰ অশ্বিনে। তেওঁৰ এই সিদ্ধান্তই অনুৰাগী আৰু ক্ৰিকেট জগতক আচৰিত কৰি তোলে।
গাবা টেষ্টেই আছিল স্পীনাৰগৰাকীৰ শেষ টেষ্ট মেচ। ক্ৰিকেট কেৰিয়াৰত অশ্বিনৰ আছে কেইবাটাও ৰেকৰ্ড। তাৰে ভিতৰত এনে ৫ টা ৰেকৰ্ড, যাৰ ভংগ কৰাটো অতি কঠিন।
টেষ্টত সকলোতকৈ অধিক “প্লেয়াৰ অফ দ্য ছিৰিজ” বঁটা
টেষ্ট ক্ৰিকেটত এতিয়ালৈকে ১১ বাৰকৈ “প্লেয়াৰ অৱ দ্য ছিৰিজ” খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৰবিচন্দ্ৰন অশ্বিনে, যিটো টেষ্ট ক্ৰিকেটত বৰ্তমানলৈ সৰ্বাধিক সংখ্যক খিতাপ দখল কৰা খেলুৱৈ। অশ্বিনৰ অল-ৰাউণ্ড প্ৰদৰ্শনে এই বিশেষ স্থান লাভ কৰাত সহায় কৰিছে।
টেষ্টত এখন খেলতে একেলগে শতক অৰ্জন আৰু ৫ উইকেট লাভ
ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট ক্ৰিকেটত কেৱল বলেৰে নহয় বেটেৰেও জিলিকি উটিছে। কেৱল এটা ইনিংছতে এফালে ১০০ ৰান সংগ্ৰহ কৰাৰ লগতে আনফালে ৫ উইকেট দখল কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এইটো এটা অতি বিশেষ কৃতিত্ব, কাৰণ এইদৰে এটা ইনিংছতে বেটিং আৰু বলিং দুয়োটাতে উজ্জ্বল প্ৰদৰ্শন কৰাটো অতি কঠিন।
সৰ্বাধিক বাওঁহাতৰ বেটছমেন আউট কৰোৱা
টেষ্ট ক্ৰিকেটত সৰ্বাধিক বাওঁহাতৰ বেটছমেনক আউট কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰবিচন্দ্ৰন অশ্বিনে। তেওঁ এই পৰ্যন্ত ২৬৬ গৰাকী বাওঁহাতৰ বেটছমেনক আউট কৰিছে। এই অভিলেখ তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ এক ডাঙৰ কৃতিত্ব।
টেষ্টত এটা ইনিংছত সৰ্বাধিক ৫ উইকেট লোৱাৰ অভিলেখ
টেষ্ট ক্ৰিকেটত এতিয়ালৈকে ৩৭ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰি ৰবিচন্দ্ৰন অশ্বিনে এই কৃতিত্বত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান আৰু ভাৰতৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। প্ৰথম স্থানত ৬৭ বাৰ এই কৃতিত্ব অৰ্জন কৰা খেলুৱৈ শ্ৰীলংকাৰ মুথিয়া মুৰলীধৰণ।
টেষ্টত ৩৫০ টা উইকেট দখল কৰা আটাইতকৈ দ্ৰুত বলাৰ
টেষ্ট ক্ৰিকেটত মাত্ৰ ৬৬খন খেলতে ৩৫০ উইকেট দখল কৰাৰ অভিলেখ ৰবিচন্দ্ৰন অশ্বিনৰ নামত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















