অসম লাইভ ২৪ঃ দেশৰ কোভিড ফাণ্ডলৈ ৫০ হাজাৰ কোটিৰ সাহায্য ভাৰতীয় ৰিজাৰ্ভ বেংকৰ। RBIৰ গৱৰ্নৰ শক্তিকান্ত দাসে প্ৰেছ কনফাৰেন্সযোগে ঘোষণা কৰে এই সাহায্য। দেশৰ স্বাস্থ্যখণ্ডত বিনিয়োগৰ বাবে আৱণ্টন কৰা হৈছে এই বৃহৎ ধনৰাশি। দেশৰ জৰুৰীকালীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বিনিয়োগ কৰা হ’ব এই ধনৰাশি। কোভিড মহামাৰীৰ বাবে দুৰ্বল হৈ পৰিছে দেশৰ অৰ্থনৈতিক স্থিতি। ভৱিষ্যতে দেশে গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে শক্তিকান্ত দাসে। উল্লেখ্য, ভাৰতত দ্বিতীয় ঢৌৰ কোভিড সংক্ৰমণৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাইছে। দেশৰ বিভিন্ন স্থানত ইতিমধ্যেই ঘোষণা কৰা হৈছে লকডাউন অথবা মিনি লকডাউনৰ নীতি নিৰ্দেশনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ