আপুনিও UPI ব্যৱহাৰ কৰে নেকি, ১ জানুৱাৰীৰ পৰা সলনি হ’ব নিয়ম, আজিয়ে জানি লওক
কাইলৈৰ পৰা নতুন বছৰৰ আৰম্ভণি। বহু ক্ষেত্ৰত পৰিৱৰ্তন হব নিয়ম। ইউ পি আইৰ ক্ষেত্ৰতো সলনি হোৱা দেখা যাব নিয়ম। ! জানুৱাৰীৰ পৰা ইউপিআই ব্যৱহাৰকাৰীৰ বাবে বহু কথা সলনি হ’ব কাইলৈৰ পৰা।
নতুন বছৰৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে ইউ পি আই লেনদেনত ব্যৱহাৰকাৰীৰ সুবিধা বৃদ্ধিৰ বাবে কিছু নিয়ম সলনি কৰি আছে। ইয়াৰ বাহিৰেও আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা ইউ পি আইত অন্তৰ্ভুক্ত কৰা হৈছে। নতুন বছৰত কাৰ্যকৰী হ’বলগীয়া ইউপিআইৰ নতুন নিয়ম বোৰ এনেধৰণৰ-
UPI123পে লিমিট বৃদ্ধি
ফিচাৰ ফোন ব্যৱহাৰকাৰীৰ বাবে ডিজাইন কৰা সেৱা UPI123Pay ৰ লেনদেনৰ সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰ বি আইয়ে। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ব্যৱহাৰকাৰীয়ে UPI123Pay ৰ জৰিয়তে প্ৰতিদিনে ১০ হাজাৰ টকা পৰ্যন্ত ধন পৰিশোধ কৰিব পাৰিব। পূৰ্বে ইয়াৰ সীমা আছিল ৫০০০ টকা।
কিন্তু, PhonePe, Paytm আৰু Google Payৰ দৰে স্মাৰ্টফোন এপৰ বাবে লেনদেনৰ সীমা এতিয়াও আগৰ দৰেই। ইউ পি আইৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে ১ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব। কিন্তু সংকটজনক পৰিস্থিতিত ৫ লাখ টকা পৰ্যন্ত ধন পৰিশোধ কৰাৰ সুবিধাও আছে। বিশেষকৈ কলেজৰ মাচুল আৰু চিকিৎসালয়ৰ ক্ষেত্ৰত।
২০২৪ চনত মুকলি কৰা ইউপিআই চাৰ্কল বৈশিষ্ট্য অহা বছৰৰ পৰা ইউপিআই সমৰ্থিত সকলো প্লেটফৰ্মত কাৰ্যকৰী কৰা হ’ব। বৰ্তমান BHIM app ৰ ব্যৱহাৰকাৰীসকলে UPI Circle ৰ সুবিধা লাভ কৰিব পাৰিব।
ইয়াত ব্যৱহাৰকাৰীয়ে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰাৰ অনুমতি লাভ কৰে। যাৰ বাবে আন ব্যৱহাৰকাৰীয়ে বেংক একাউণ্ট নথকাকৈয়ে ধন পৰিশোধ কৰিব পাৰে। ইয়াত প্ৰাথমিক ব্যৱহাৰকাৰীয়ে আন ব্যৱহাৰকাৰীক কিমান টকা খৰচ কৰাৰ অনুমতি দিছে তাৰ এটা সীমা নিৰ্ধাৰণ কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ