ট্ৰেইনত বোম ! হঠাতে হুৱাদুৱা, ষ্টেচন নোহোৱাকৈয়ে বাটতে নমালে সকলো যাত্ৰীক
উত্তৰ প্ৰদেশৰ বলিয়াৰ পৰা মহাৰাষ্ট্ৰৰ লোকমান্য তিলকলৈ যোৱা কামায়নী এক্সপ্ৰেছত বোম থকা খবৰে হঠাতে হুৱাদুৱা লাগি যায় ৰেল খনত। খবৰ পোৱাৰ পিছতে এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। ততাতৈয়াকৈ সকোল যাত্ৰীকে সাগৰ জিলাত কোনো ষ্টেছন নথকাকৈয়ে মাজবাটতে ৰেলখন ৰখাই তদন্ত কৰে।
তথ্য অনুসৰি মঙলবাৰে কোনো ৰেল ষ্টেচন নথকাকৈ যাত্ৰীক নমাই দিয়াত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ৰে’লখনত বোমা থকাৰ তথ্য লাভ কৰাৰ লগে লগে আৰ পি এফৰ দল আহি উপস্থিত হয়।
বলিয়াৰ পৰা লোকমান্য তিলক টাৰ্মিনাছলৈ যোৱা ১১০৭২ কামায়নী এক্সপ্ৰেছ হঠাতে বিনা ষ্টেচনত ৰখাই দিয়া হয়। আৰ পি এফ আৰু জি আৰ পিৰ সমান্তৰালকৈ আৰক্ষীও সেই স্থানত উপস্থিত হয়৷
বোম থকাৰ সন্দেহত ভোপাল কণ্ট্ৰল ৰুম ৰেলৱেৰ নিৰ্দেশত ৰেলখন পৰিদৰ্শন কৰে। পাছত জানিব পাৰে এই সকলো এক উৰাবাতৰি। কোৱা হৈছে যে ৰে’লত বোমা থকা বুলি উৰাবাতৰিৰ বাবেই এই সকলোবোৰ হাহাকাৰ হয়।
যাত্ৰীসকলো এই উৰাবাতৰিৰ ফলত হাৰাশাস্তিৰ সন্মুখিন হয়। বৰ্তমানে সকলো ঠিকে থকাৰ যাত্ৰী লৈ পুনৰ যাত্ৰা কৰে ৰেল খনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ