সপ্তাহজুৰি দিয়া নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানৰ হাহাকাৰ পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানৰ বিভিষিকাময় পৰিবেশ।
খাদ্য,বস্ত্ৰৰ পৰা আৰম্ভ কৰি থাকিবলৈ ঠাই নাইকিয়া হৈছে বানপিড়িত জনতাৰ। সপ্তাহজুৰি দিয়া নেৰানেপেৰা বৰষুণৰ ফলত পূৰ্বতে কেতিয়াও নোহোৱা ন ন আঞ্চলত এইবাৰ বানে লৈছে ভয়ংকৰ ৰূপ।
অসমৰ এনে ভয়াবহ বান পৰিস্থিতিক লৈ কেৱল ৰাজ্যখনেই নহ’য় দেশৰ লগতে কেইবাখনো বহি ৰাষ্ট্ৰয়ো অসমৰ বন পৰিস্হিতিক লৈ চিন্তিত হৈ পৰিছে ।
আনকি অসমৰ বান পৰিস্থিতিক লৈ আমেৰিকাৰ “নিউইয়ক টাইমছ”ৰ দৰে বিশ্বৰ আগশাৰী বাতৰি কাকতেও কাকতৰ প্ৰথম পৃষ্ঠাতেই মুখ্য বাতৰি হিচাপে শিৰোনাম প্ৰকাশ কৰিছে অসমৰ বান পৰিস্থিতিক।
ইফালে এনে ভয়াবহ বানৰ এনে অচলাৱস্থাৰ পৰা পৰিত্ৰান বিচাৰি বৈজ্ঞানিক দৃষ্টিভংগিক পৰিহাৰ কৰি অন্ধবিশ্বাসৰ বসৱৰ্তী হৈ বিভিন্ন অঞ্চলৰ লোকে বিভিন্ন ঠাইত বিভিন্ন পন্থা হাতত লোৱাৰ দৃশ্যও প্ৰত্যক্ষ হৈছে সংবাদ মাধ্যমত।
পিছে অন্ধবিশ্বাসেই হওক বা পৰিবেশজনিত কাৰণেই হওক। যোৱা এটা দিনত পূৰ্বতকৈ সামান্য পৰিমাণে বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত ঠাই ভেদে ৰাজ্যখনৰ বিভিন্ন স্থানত বানপানীৰ পৰিবেশ সাধাৰণ অৱস্থালৈ উভতি আহিছে।
হ’লেও ৰাজ্যৰ ৩৫খন জিলাৰ ৩৩খন জিলাই বৰ্তমানেও পানীৰ তলত। লগতে এনে ভয়াৱহ বান পৰিস্থিতিৰ মুখামুখি হৈ ৰাজ্যখনৰ প্ৰায় ৩০লক্ষ্যাধিক লোকে ঘৰ-বাৰী হেৰুৱাই দিহিঙে-দিপাঙে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ ঢাপলি মেলিব লগিয়া পৰিস্থিতি আহি পৰিছে।
কিন্তু তাৰ মাজতে কেন্দ্ৰীয় বতৰ বিজ্ঞানে পুনৰ সাৱধান বাণী দিছে উত্তৰ-পূবৰ অসম আৰু মেঘালয়ৰক।
সোমাবাৰ দিনটোত অসমৰ লগতে মেঘালয়ত বিগত দিনৰ দৰেই ধাৰাসাৰ বৃষ্টিপাতৰ আশংকা কৰিছে কেন্দ্ৰী বতৰ বিজ্ঞানে। যাৰ পৰিপ্ৰেক্ষিত অসম আৰু মেঘালয়ক অ’ৰেঞ্জ এলাৰ্ট দিছে বতৰ বিজ্ঞানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ