পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !
আমেৰিকাৰ লছ এঞ্জেলছে ২০২৮ চনৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া অনুষ্ঠান অলিম্পিক আয়োজনৰ স্বত্ব লাভ কৰিছে, যাৰ বাবে প্ৰস্তুতি ইতিমধ্যে ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে।
পাছে এইবাৰৰ অলিম্পিকৰ বিশেষ কথাটো হ’ল ক্ৰিকেট সংযোজন। ১২৮ বছৰৰ পাছত এই অলিম্পিক গেমছত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে, যাৰ বাবে সকলো অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল।
২০২৮ চনৰ অলিম্পিকত পুৰুষ আৰু মহিলাৰ উভয়ৰে ৬টাকৈ দলে অংশগ্ৰহণ কৰিব যদিও কোন ছটা দলে খেলাৰ সুযোগ পাব সেই সন্দৰ্ভত ছিংগাপুৰত চলি থকা আইচিচিৰ বাৰ্ষিক সভাত আলোচনা কৰা হৈছিল।
ফৰ্বছৰ প্ৰতিবেদন অনুসৰি লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০২৮ গেমছত পুৰুষৰ ৬টা দলৰ বাবে যি নিয়ম প্ৰণয়ন কৰা হৈছে, সেই নিয়মসমূহ আঞ্চলিক ৰেংকিঙৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ পৰা স্পষ্ট যে এছিয়া, ওচেনিয়া, ইউৰোপ আৰু আফ্ৰিকা অঞ্চলৰ শীৰ্ষ দলে অলিম্পিক খেলিবলৈ পোনপটীয়াকৈ টিকট লাভ কৰিব। আয়োজক দেশ হোৱাৰ বাবে আমেৰিকাই পোনপটীয়াকৈ খেলাৰ সুযোগ পাব, আনহাতে বাকী চাৰিটা দলে আঞ্চলিক ৰেংকিং অনুসৰি যোগ্যতা অৰ্জন কৰিব।
যদিহে আইচিচিয়ে আঞ্চলিক ৰেংকিঙৰ ভিত্তিত অলিম্পিকৰ বাবে দলসমূহৰ অৰ্হতা নিৰ্ণয় কৰে, তেন্তে এই পৰিস্থিতিত ভাৰতীয় দলটোক এছিয়াৰ পৰা পোনপটীয়াকৈ স্থান পোৱা বুলি বিবেচনা কৰিব পাৰি। কাৰণ বৰ্তমান ৰেংকিঙত টিম ইণ্ডিয়া ১ নম্বৰ স্থানত আছে।
উল্লেখ্য যে ২০২৮ চনৰ অলিম্পিকৰ ক্ৰিকেট মেচ ১২ জুলাইৰ পৰা ২৯ জুলাইলৈ প’মোনাত অনুষ্ঠিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















