ডাক বিভাগে এটা ডাঙৰ পৰিবৰ্তনৰ কথা ঘোষণা কৰিছে। চলিত বছৰৰ ১ ছেপ্টেম্বৰৰ পৰা ৰেজিষ্টাৰ্ড পোষ্ট আৰু স্পিড পোষ্ট পৰিসেৱা একীভূত হব। ইয়াৰ অৰ্থ হৈছে এতিয়াৰে পৰা যিসমূহ দেশীয় ৰেজিষ্টাৰ্ড ডাক পঠিওৱা হব সেয়া স্পিড পোষ্ট হিচাপে পঠিওৱা হব। এই পৰিবৰ্তন সমগ্ৰ দেশজুৰি প্ৰযোজ্য হব।
এই পৰিবৰ্তনত গ্ৰাহকে কি কি সুবিধা পাব?
কিয় এই সিদ্ধান্ত?
ডাক বিভাগে জনাইছে যে এই উদ্যোগৰ উদ্দেশ্য হৈছে ডাক পৰিসেৱা সহজ কৰা। ইয়াৰোপৰি ট্ৰেকিং চিষ্টেম উন্নত কৰা আৰু গ্ৰাহকক আৰু উন্নত পৰিসেৱা প্ৰদান কৰা। স্পিড পোষ্ট আৰু ৰেজিষ্টাৰ্ড পোষ্ট উভয়েই একেই ধৰণৰ পৰিসেৱা প্ৰদান কৰে। এটাই দ্ৰুত ডেলিভাৰীৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে আৰু অন্যটোৱে নিৰাপদ ডেলিভাৰৰ বাবে পৰিচিত।
১ ছেপ্টেম্বৰৰ পৰা কি কি পৰিবৰ্তন হব?
ৰেজিষ্টাৰ্ড পোষ্টেল লেবল আৰু পোৱা নাযাব। সমস্ত দেশীয় ডাক এতিয়া স্পিড পোষ্ট পৰিসেৱাৰ আওঁতাত আহিব। ডেলিভাৰীৰ প্ৰমাণ আৰু প্ৰাপকৰ স্বাক্ষৰৰ প্ৰয়োজনীয়তা ইত্যাদি সুবিধা পূৰ্বে ৰেজিষ্টাৰ্ড ডাকত পোৱা গৈছিল। স্পিড পোষ্টে এতিয়া মূল্য সংযোজন বৈশিষ্ঠ্য হিচাপে এইসমূহ সৰবৰাহ কৰা হব। স্পিড পোষ্টৰ বিদ্যমান ট্ৰেকিং পৰিসেৱা ইতিমধ্যেই উন্নত, যাতে পাৰ্ছেলৰ অৱস্থা ৰিয়েল টাইম ট্ৰেক কৰিব পৰা যায়।
আপুনি যদি ৫০ গ্ৰাম পৰ্যন্ত যিকোনো সামগ্ৰী পঠিয়াই তেন্তে স্থানীয় ডেলিভাৰিৰ বাবে ১৫ টকা আৰু দেশৰ যিকোনো স্থানলৈ ২০০ কিঃমিঃ, ১০০০ কিঃমিঃ, ২০০০ কিঃমিঃ বেছি দূৰত্বলৈ পঠিওৱাৰ বাবে ৩৫ টকা চাৰ্জ লোৱা হব। যদি পাৰ্ছেলৰ ওজন ৫১ গ্ৰামৰ পৰা ২০০ গ্ৰামৰ মাজত হয় তেন্তে স্থানীয়ভাৱে পঠিওৱাৰ বাবে ২৫ টকা, ২০০ কিঃমিঃ পৰ্যন্ত পঠিওৱাৰ বাবে ৩৫ টকা আৰু ২০১ কিঃমিঃৰ বাবে ৪০ টকা, ১০০১ৰ পৰা ২০০০ কিঃমিঃৰ বাবে ৬০ টকা আৰু ২০০০ কিঃমিঃ বেছি দূৰত্বৰ বাবে ৭০ টকা চাৰ্জ কৰা হব।
যদি ওজন ২০১ গ্ৰামৰ পৰা ৫০০ গ্ৰামৰ মাজত হয় তেতিয়া স্থানীয়স্তৰত পঠিওৱাৰ বাবে ৩০ টকা, ২০০ কিঃমিঃ পৰ্যন্ত ৫০ টকা, ২০১ ৰ পৰা ১০০০ কিঃমিঃৰ বাবে ৬০ টকা, ১০০১ৰ পৰা ২০০০ কিঃমিঃৰ বাবে ৮০ টকা আৰু ২০০০ কিঃমিঃতকৈ বেছি দূৰত্ব পঠিওৱাৰ বাবে ৯০ টকা দিব লাগিব।
যদি আপোনাৰ পাৰ্ছেল ৫০০ গ্ৰামৰ বেছি হয়, তেন্তে প্ৰতি অতিৰিক্ত ৫০০ গ্ৰাম বা তাৰ আংশিকৰ বাবে আপুনি লোকেলত ১০ টকা, ২০০ কিঃমিঃ পৰ্যন্ত ১৫ টকা, ২০১ৰ পৰা ১০০০ কিঃমিঃৰ বাবে ৩০ টকা, ১০০১ৰ পৰা ২০০০ কিঃমিঃৰ বাবে ৪০ টকা আৰু ২০০০ কিঃমিঃ বেছি দূৰত্বৰ বাবে ৫০ টকা অতিৰিক্ত দিব লাগিব।
মনত ৰাখিব এই চাৰ্জসমূহ কৰ ব্যতীত। আপুনি যদি ডেলিভাৰিৰ প্ৰমাণ বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি প্ৰতিটো সামগ্ৰীত পৃথকভাৱে ১০ টকাকৈ দিব লাগিব।
স্পিড পোষ্টৰ মাধ্যমেৰে ডেলিভাৰি পাবলৈ কিমান দিন সময় লাগে
স্থানীয় স্তৰত ১-২ দিন
মেট্ৰোৰ পৰা মেট্ৰো- ১-৩ দিন।
ৰাজ্যৰ ৰাজধানীৰ পৰা আন এখন ৰাজ্যৰ ৰাজধানীলৈ ১-৪ দিন।
দেশৰ বাকী অংশ ৪-৫ দিন।
শাখা অফিচ ডেলিভাৰিত ১ দিন অতিৰিক্ত সময় লাগিব পাৰে।
ৱাক ইন গ্ৰাহকৰ বাবে নিৰ্দিষ্ট কম সময়।
২০০০ ৰ পৰা ১ লাখ টকাৰ দৈনিক বুকিংঃ ৫শতাংশ ৰেহাই।
১ লাখ টকাৰ ওপৰত দেনিক বুকিংঃ ১০ শতাংশ ৰেহাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















