ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰতসহ ৭৫ দেশক ৯০ দিনৰ বাবে শুল্ক ৰেহাই, কিন্তু চীনক…
শুল্ক সম্পৰ্কে ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰতসহ মুঠ ৭৫খন দেশত ৯০ দিনৰ শুল্ক ৰেহাই। ৯০ দিনৰ বাবে নতুন শুল্ক আৰোপ নকৰে আমেৰিকাই। কিন্তু তাৰ বিপৰীতে চীনৰ ওপৰত অধিক শুল্ক আৰোপ ট্ৰাম্পৰ। ১০৪ৰ পৰা ১২৫ শতাংশ শুল্ক আৰোপ চীনক।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ শুল্ক সিদ্ধান্তৰ ওপৰত ইউ টাৰ্ণ লৈছে। বুধবাৰে তেওঁ ৭৫খনতকৈও অধিক দেশৰ ওপৰত আৰোপ কৰা শুল্ক স্থগিত ৰাখে। পাৰস্পৰিক শুল্কৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা ৯০ দিনলৈকে স্থগিত হ’ব যদিও এই নিষেধাজ্ঞা চীনৰ বাবে নহয়, বৰঞ্চ এতিয়া চীনে অধিক শুল্ক দিব লাগিব।
ইয়াৰ পূৰ্বে চীনৰ ওপৰত ১০৪ শতাংশ শুল্ক আৰোপ কৰিছিল আমেৰিকাই, এই শুল্ক এতিয়া ১২৫ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আমেৰিকাই। চীনে আমেৰিকাৰ ওপৰত ৮৪ শতাংশ শুল্ক আৰোপ কৰিছিল, চীনৰ এই পদক্ষেপৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে আমোৰিকাই।
ট্ৰাম্পে নিজৰ সিদ্ধান্ত সলনি কৰাৰ সময়তে লগতে কয় যে ৭৫খন দেশৰ সকলো ৰাষ্ট্ৰৰ মুৰব্বীৰ সৈতে আলোচনা কৰা হৈছিল আৰু তেওঁলোকে আমেৰিকাৰ নীতিৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল, সেয়েহে তেওঁলোকৰ ওপৰত আৰোপ কৰা শুল্ক ৯০ দিনৰ বাবে স্থগিত ৰখা হৈছিল। এই নিষেধাজ্ঞাই সেই দেশসমূহৰ সৈতে নতুন বাণিজ্যিক চুক্তি কৰাৰ সময় আৰু সুযোগ লাভ কৰিব।
আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে স্পষ্ট কৰি দিয়ে যে যিবোৰ দেশে আমেৰিকাৰ সৈতে মোকাবিলা কৰিব, সেইবোৰ দেশৰ বাবে শুল্ক হ’ব মাত্ৰ ১০ শতাংশ।
উল্লেখ্য যে, আমেৰিকাই ২ এপ্ৰিল তাৰিখে সমগ্ৰ বিশ্বৰদেশ সমূহৰ বাবে নতুন পাৰস্পৰিক শুল্ক ঘোষণা কৰিছিল, সেই নতুন নিৰিখ অনুসৰি ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছিল আমেৰিকাই, এতিয়া ৯০ দিনৰাববে কেৱল ১০ শতাংশ শুল্ক হে দিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ