আজি দুপৰীয়া ভাৰতত উপস্থিত হ’ব তাহাউৰ ৰানা, আজমল কাছাভ থকা কুঠৰিত ৰাখিব
১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই আজি ১০ এপ্ৰিল তাৰিখে ভাৰতত উপস্থিত হ’ব ২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাই আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ ৰানা। আজি দুপৰীয়াৰ সময়ত বিশেষ বিমানেৰে ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা।
কালি ৯ এপ্ৰিল তাৰিখে আমেৰিকাৰ পৰা ৰাওনা হৈছিল তাহাউৰ। তাহাউৰৰ সৈতে আছে NIAৰ বিশেষ গোটৰ RAW এজেণ্ট।
আজি ভাৰতত উপস্থিত হোৱাৰ পাছতে দিল্লীতে ৰখা হ’ব তাহাউৰক। পিছত মুম্বাইলৈ নিয়া হব। সূত্ৰ অনুসৰি ৰানাক মুম্বাই কাৰাগাৰৰ সেই একেটা কোঠাতেই বেৰেক নং ১২ত ৰখা হ’ব পাৰে য’ত সন্ত্ৰাসবাদী আজমল কাছাভক ৰখা হৈছিল।
এই কোঠা হৈছে অতিকে বিশেষ। এই বেৰেকত আছে মুঠ মুঠ ৩ টা কোঠা, অধিক সুৰক্ষিত এই তিনি কোঠাৰেই এটাত ৰাখিব তাহাউৰক। এই বেৰেকৰ আছে সুকীয়া ৰন্ধন কক্ষও।
দিল্লী বিমানবন্দৰৰ পৰা তাহাউৰ ৰানাক নিয়াৰ মুখ্য কাৰ্যালয়লৈ নিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বিমানবন্দৰত উপস্থিত হৈছে ছোৱাট(SWAT)ৰ কমাণ্ডো দল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ