আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা বৃক্ক বিফল হোৱাৰ সম্ভাৱনা
বেয়া জীৱনশৈলীয়ে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। জানি বা অজানিতে মানুহৰ কিছুমান অভ্যাস বৃক্কৰ শত্ৰু হৈ পৰে। যাৰ বাবে বৃক্ক বিফল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়ে বৃক্কৰ যত্ন লোৱা প্ৰয়োজন।
বৃক্কৰ কাম হ’ল তেজত থকা আৱৰ্জনা, অতিৰিক্ত তৰল পদাৰ্থ আৰু ইলেক্ট্ৰ’লাইট, যেনে ছডিয়াম আৰু পটাছিয়াম, ফিল্টাৰ কৰি উলিয়াই, যাতে আমাৰ সামগ্ৰিক স্বাস্থ্য ভাল হৈ থাকে। যদি বৃক্ক সুস্থ হয় তেন্তে শৰীৰত ৰক্তচাপ, ৰক্তকণিকা উৎপাদন আৰু কেলচিয়ামৰ ভাৰসাম্য বজাই থাকে। কিন্তু বৃক্ক তথা কিডনীৰ ক্ষতি হোৱাৰ লগে লগে শৰীৰত বিষাক্ত পদাৰ্থ দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা দেখা দিয়ে। যি শৰীৰৰ বাবে মাৰাত্মক।
সেয়ে সহজে আমাৰ কিছুমান অভ্যাস সলনি কৰিয়ে বৃক্কৰ যত্ন লব পাৰি।
বিষনাশক দৰব- যদি চিন্তা নকৰাকৈ বিষনাশক ঔষধ বা পেইন কিলাৰ খায় তেন্তে আজিয়েই এই অভ্যাস সলনি কৰক। বিষনাশক ঔষধে বৃক্কত বেয়া প্ৰভাৱ পেলায়।
পানী কমকৈ খোৱা- বৃক্কই শৰীৰৰ তেজ ফিল্টাৰ কৰে। যাৰ বাবে পৰ্যাপ্ত পানীৰ প্ৰয়োজন হয়। যিসকল লোকে পানী কমকৈ খায়, তেওঁলোকৰ বৃক্কৰ সমস্যা হয়। বিশেষকৈ গৰমৰ দিনত সমস্যাৰ সন্মুখীন অধিক হ’ব পাৰে। ইয়াৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।
মদ্যপান- যদি আপুনি বেছিকৈ মাদক দ্ৰব্য সেৱন কৰে তেন্তে ই বৃক্ক আৰু যকৃতৰ বাবে বিপজ্জনক। বেছিকৈ মদ্যপান কৰিলে ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে বৃক্কৰ ক্ষতি হ’ব পাৰে।
ধূমপান- ধূমপান স্বাস্থ্যৰ বাবে বিপদজনক। ইয়াৰ ফলত কেৱল কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি হোৱাই নহয় হৃদৰোগৰো সৃষ্টি হয়। ধূমপান কৰিলেও বৃক্কক প্ৰত্যক্ষভাৱে বহু দিশত ক্ষতি কৰিব পাৰি। চিগাৰেটৰ ধোঁৱাত কেডমিয়ামৰ দৰে বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে যিয়ে বৃক্কৰ ক্ষতি কৰিব পাৰে।
অতিৰিক্ত ওজন- মেদবহুলতা শৰীৰৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিছে। যাৰ বাবে বৃক্কতো প্ৰভাৱ পৰে। সুস্থ শৰীৰৰ ভৰ সূচকাংক (BMI) ১৮.৫ৰ পৰা ২৪.৯ৰ ভিতৰত। যদি আপোনাৰ ইয়াতকৈ বেছি আছে তেন্তে আপুনি মেদবহুলতাৰ শ্ৰেণীত পৰে। বিশেষকৈ কঁকালত অতিৰিক্ত চৰ্বি থকাটো আপোনাৰ বৃক্ক, যকৃত, ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ বাবে বিপদজনক।
অস্বাস্থ্যকৰ খাদ্য – প্ৰচুৰ পৰিমাণে সংৰক্ষক পদাৰ্থ থকা খাদ্য, যিবোৰ বস্তুত চৰ্বি, চেনি, কৃত্ৰিম ৰং আৰু সোৱাদ আৰু ৰাসায়নিক পদাৰ্থ যোগ কৰা হয় যাতে নষ্ট নহয়। এইবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক।
বেয়া টোপনি- যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে ই আপোনাৰ বৃক্কতো প্ৰভাৱ পেলায়। টোপনিৰ গুণগত মান আৰু সময় বৃক্কৰ ৰোগ হ’ব পাৰে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে বেয়া টোপনিৰ ফলত দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে প্ৰতিদিনে ৭-৮ ঘণ্টা টোপনি যোৱা নিশ্চিত কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ