অসম লাইভ ২৪ঃ “মোৰ মিনতি তৰা হয় যদি…” প্ৰতিজন অসমীয়াৰ বুকুত আজিও বাজি থাকে এই গীত৷ গীতেৰে, কথাৰে, সুৰেৰে অসমীয়াৰ প্ৰাণত থকা চিৰপ্ৰৱাহমান শিল্পী, সুৰকাৰ, গীতিকাৰ জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন৷ অসমীয়াৰ হিয়াৰ আমঠু প্ৰয়াত সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিনত তেওঁৰ সোঁৱৰণত আজি সশ্ৰদ্ধ প্ৰণাম জনাইছে প্ৰতিগৰাকী অসমীয়াই৷ অসমীয়া সংগীত জগতৰ বৰ্ণিল যাত্ৰাক নতুন গতি প্ৰদান কৰি নতুন ৰূপেৰে উজ্জীৱিত কৰিছিল জয়ন্ত হাজৰিকাই৷ মাত্ৰ ৩৪ বছৰীয়া জীৱনকালত অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে শিল্পীগৰাকীয়ে৷ তেওঁৰ চিৰসেউজ গীতসমূহ আজিও প্ৰতিটো প্ৰজন্মৰ বুকুৰ আপোন৷ আজি তেওঁৰ ওপজা দিনত অসম লাইভ ২৪ৰ তৰফৰ পৰাও শ্ৰদ্ধাৰে সোঁৱৰিছে মহান শিল্পীগৰাকীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ