অসম লাইভ ২৪ঃ শেহতীয়াকৈ টুইটাৰৰ ট্ৰেণ্ডিঙত #ScamSood৷ শেহতীয়াকৈ আয়কৰ বিভাগে ছনু ছুডৰ মুম্বাইৰ বাসগৃহত তালাচী চলোৱাৰ পাছত প্ৰায় ২০ কোটি টকাৰ কৰফাঁকিৰ অভিযোগ উত্থাপন কৰে অভিনেতাগৰাকীৰ বিৰুদ্ধে৷ ঘটনাৰ সন্দৰ্ভত সোমবাৰে আয়কৰ বিভাগৰ অভিযোগ নসাৎ কৰিছিল আৰু এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিল ছনু ছুডে৷ কিন্তু অৱশেষত মুখ খুলিলে অভিনেতাগৰাকীয়ে৷ টুইটযোগে তেওঁ আত্মসমৰ্থনত এটা প’ষ্ট শ্বেয়াৰ কৰে৷ তেওঁ কয়, ‘স্পষ্টীকৰণ দিয়াৰ কোনো প্ৰয়োজন নাই, সময়ে সকলো ক’ব’৷
“सख्त राहों में भी आसान सफर लगता है,
हर हिंदुस्तानी की दुआओं का असर लगता है” 💕 pic.twitter.com/0HRhnpf0sY— sonu sood (@SonuSood) September 20, 2021
উল্লেখ্য, অভিনেতাগৰাকীৰ বিৰুদ্ধে ২০ কোটিৰ কৰফাঁকিৰ উপৰিও চেৰিটি সংস্থাৰ জৰিয়তে অবৈধভাৱে বিদেশী দাতাৰ পৰা টকা সংগ্ৰহ কৰি Foreign Contribution (Regulation) Act উলংঘনৰো অভিযোগ উত্থাপন হৈছে ছনু ছুডৰ বিৰুদ্ধে৷ ছনু ছুডক কটাক্ষ কৰি মিম শ্বেয়াৰ কৰিছে অনুৰাগীসকলেও৷ সম্প্ৰতি ছ’ছিয়েল মিডিয়াত #ScamSoodৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সমৰ্থক তথা অনুৰাগীসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ