অসম লাইভ ২৪ঃ ৰূপহ কোঁৱৰৰ চুমা পৰশতে
লাজুকী কুঁৱৰী মৰহি যায়…
আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী, বিপ্লৱী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতৰ মূৰ্ছনাৰে মুখৰিত হয় ৰাজ্যৰ আকাশ-বতাহ। জ্যোতি প্ৰসাদৰ জ্যোতি অৱলোকন আজি লুইতৰ দুয়োপাৰে। মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু তিথি। অসমৰ বিভিন্ন ঠাইত ৰাইজ, দল-সংগঠনে এই দিনটোক শিল্পী দিৱস হিচাপে উদযাপন কৰি প্ৰতি বছৰে মহান শিল্পীজনাক সুঁৱৰি আহিছে। এইবাৰ ক’ভিড মহামাৰিয়েও যেন জনতাক দূৰৈত ৰাখিব লোৱাৰিলে জ্যোতিগীতৰ মূৰ্চনাৰ পৰা।
প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয় । ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাই জন্ম লাভ কৰিছিল। ১৯৫১ চনৰ ১৭ জানুৱাৰীৰ দিনটোতে মৃত্যু হৈছিল ৰূপকোঁৱৰৰ। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচিত্ৰ জয়মতীৰ নিৰ্মান কৰিছিল।
অসমীয়া জাতি সংস্কৃতি, চিনেমা, মাহিত্য সকলো ক্ষেত্ৰলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই যি অৱদান আগবঢ়াই গ’ল সেই জ্যোতিৰে এতিয়াও অসমীয়া জাতিক আলোকিত কৰি জিলিকাই ৰাখিছে লুইতৰ দুয়োপাৰ।
অসম চৰকাৰৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শিল্পী দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান। ১৯৬৮ চনতে মুকলি কৰা ৰাজ্যিক পৰ্য্যায়ৰ দেশৰ ভিতৰতে প্ৰথমটো চৰকাৰী ফিল্ম ষ্টুডিঅ’ জ্যোতি চিত্ৰবনে এইবাৰ সোণালী বৰ্ষত ভৰি দিছে। সেই উপলক্ষে আজিৰ পৰা জ্যোতি চিত্ৰবনে সোণালী জয়ন্তী বৰ্ষ উদযাপন আৰম্ভ কৰিব বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগে জানিবলৈ দিছে। ইয়াৰ বাবে জ্যোতি চিত্ৰবনৰ সমগ্ৰ চৌহদ নতুনকৈ সজাই তোলা হৈছে বুলিও জানিবলৈ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ